সাংবাদিক নৰেশ মিত্ৰৰ অকাল মৃত্যু; শোকস্তব্ধ সংবাদ মাধ্যম

naresh-mitra-696x375

সাংবাদিক নৰেশ মিত্ৰ। ফাইল ফটো

ৰাষ্ট্ৰীয় কাকত টাইমছ অফ ইণ্ডিয়াত কৰ্মৰত গুৱাহাটীৰ সাংবাদিক নৰেশ মিত্ৰৰ সোমবাৰে মহানগৰীৰ এখন হাস্পাতলত মৃত্যু হয়।

যোৱা ২২ নৱেম্বৰৰ নিশা গুৱাহাটীৰ ভঙাগড়ত মূৰত গুৰুতৰভাৱে জখম হোৱা সাংবাদিকগৰাকীৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ নে’মকেয়াৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

তেতিয়াৰে পৰা এক সংকটজনক অৱস্থাত সাংবাদিকগৰাকী আই চি য়ুত ভৰ্তি হৈ আছিল।

প্ৰথমে ঘটনাটো দুৰ্ঘটনাজনিত বুলি ভবা হৈছিল যদিও চিকিৎসকৰ ভাষ্যৰ পিছত ইয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছিল।

মিত্ৰৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকে তেওঁৰ পৰিয়ালক জনোৱামতে ঘটনাটো “আক্ৰমণ” (assault)সদৃশ আছিল।

খবৰ অনুসৰি, মূৰেৰে তেজ গৈ থকা অৱস্থাত মিত্ৰক কোনো অজ্ঞাত লোকে শুকুৰবাৰে ৰাতি প্ৰায় ১০:৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত থৈ গৈছিল।

সতীৰ্থ সাংবাদিকৰ মতে, সেইদিনা মিত্ৰ সেই সময়ত কাৰ্য্যালয়ৰ পৰা ঘৰলৈ বুলি আহি আছিল।

মিত্ৰৰ অকাল মৃত্যুত ৰাজ্যখনৰ সংবাদ মাধ্যমৰ লোকসকলে গভীৰ শোক ব্যক্ত কৰিছে। মৃত্যুৰ সময়ত মিত্ৰই তেওঁৰ পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি গৈছে।