ক’ত নিৰুদ্দিষ্ট হ’ল গুৱাহাটীৰ মেধাৱী ছাত্ৰী ৰীণা কুমাৰী?
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰী নিখোজৰ ঘটনাক লৈ চাঞ্চল্য। তথ্য অনুসৰি বিউটি পাৰ্লাৰলৈ যোৱাৰ পথত নিখোজ হৈছে ছাত্ৰীগৰাকী।
MBA অধ্যয়ন কৰি থকা মেধাৱী ছাত্ৰী ৰীণা কুমাৰী ৰায় সন্ধানহীন হোৱাক লৈ বিৰাজ কৰিছে চাঞ্চল্য। শ্বিলঙৰ পুলিচ বজাৰত ধৰা পৰিছে যুৱতীগৰাকীৰ অন্তিম লোকেশ্যন।
ইতিমধ্যে মেঘালয়ৰ শ্বিলঙলৈ ৰাওনা হৈছে গুৱাহাটীৰ পৰা আৰক্ষী আৰু পৰিয়ালৰ লোক।
উল্লেখ্য যে,শনিবাৰে দুপৰীয়া ঘৰৰ পৰা পাৰ্লাৰ লৈ ওলাই আহিছিল ৰীণা। কিন্তু এতিয়া প্ৰশ্ন হৈছে ক’ত নিৰুদ্দিষ্ট হ’ল গুৱাহাটীৰ ২৪ বছৰীয়া ৰীণা কুমাৰী?
ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰপথাৰৰ ৰীণা কুমাৰী ৰায়ৰ পৰিয়ালে।