• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূজাৰ বতৰত গুৱাহাটীৰ ক’ত ক’ত থাকিব No Entry?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2019 10:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজালৈ মাজত মাথো দুটা দিন, সেয়েহে পূজাৰ বতৰত জনতাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে।

মঙলবাৰে যান-বাহন আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই তেওঁৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি পূজাৰ বতৰত গুৱাহাটীৰ ক’ত ক’ত ন’ এন্ট্ৰি থাকিব তথা চিটীবাছসমূহ কোন পথেৰে চলাচল কৰিব সেই সম্পৰ্কে অৱগত কৰে।

  • No Entry ক’ত ক’ত থাকিব?
  • দিচপুৰ থানাৰ অন্তৰ্গত ড০ আৰ. পি. পথত গণেশ মন্দিৰৰ দিশৰ পৰা One Way। জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ দিশে সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব। বাহনসমূহ জি. এছ ৰোডৰ চাৰ্ভিছ ৰোডেৰে চুপাৰ মাৰ্কেট ওলাব পাৰিব। হ’লচেল মাৰ্কেটেৰে গণেশগুৰি ওলাব পৰা পথছোৱাত পূজাৰ দিনকেইটাত ন’ এন্ট্ৰি।
  • পল্টনবজাৰ থানাৰ অন্তৰ্গত এ. কে. আজাদ ৰোডস্থিত নেপালী মন্দিৰৰ পৰা চাৰাভাটিলৈকে ন’ এন্ট্ৰি থাকিব। চাৰাভাটীৰ পৰা যান-বাহনসমূহ চলাচল কৰিব পাৰিব।
  • পানবজাৰ থানাৰ অন্তৰ্গত এম. এছ ৰোডৰ শনি মন্দিৰৰ পৰা যান-বাহন চলাচল কৰিব নোৱাৰিব। ৪ নং ৰেইলৱে গেটৰ পৰা যান-বাহন চলাচল কৰিব পাৰিব। লগতে ড০ জে. চি দাস ৰোডৰ কপহৱ চাণ্ড পইন্টৰ পৰা থাকিব ন’ এন্ট্ৰি, ট্ৰিবেনি চুইটছৰ পৰা এই ন’ এন্ট্ৰি নাথাকে।
  • জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাওঁ চাৰিআলিৰ পৰা পাণ্ডুলৈকে পূজাৰ দিন কেইটাত থাকিব ন’ এন্ট্ৰি। আদাবাৰী তিনিআলিৰ পৰা যান-বাহন চলাচল কৰিব পাৰিব। লগতে পি. এন. জি. বি ৰোডৰ মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যা ৰেইলৱে ষ্টেশ্যন লেভেল ক্ৰচিঙৰ মাজৰ পথচোৱাত থাকিব ন’ এন্ট্ৰি। কামাখ্যা ৰেইলৱে ষ্টেচন আৰু গীতানগৰ অঞ্চলৰ পৰা অহা বাহনসমূহ ৩ নং ৰেইলৱে গেট আৰু ৰেইলৱে মুখ্য কাৰ্য্যালয়ৰ পথেৰে অহাৰ অনুমতি দিয়া হৈছে।
  • ভৰলুমুখ থানাৰ অন্তৰ্গত আৰ. কে. চৌধুৰী আৰু এছ. ছি ৰোডত কুমাৰপাৰাৰ ফালৰ পৰা অহা বাহনসমূহৰ বাবে ন’ এন্ট্ৰি থাকিব। চাৰাভাটিৰ ফালৰ পৰা অহা বাহনসমূহৰ বাবে ন’ এন্ট্ৰি। ভৰলুৰ পৰা ফটাশিল আৰু চাৰাভাটিলৈ যোৱা পথচোৱা One Way হ’ব।
  • বশিষ্ঠ থানাৰ অন্তৰ্গত জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা চাৰিআলিৰ মাজৰ পথছোৱাত থাকিব ন’ এন্ট্ৰি। বেলতলা চাৰিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ অহা পথচোৱা One Way হ’ব। বেলতলা চাৰিআলিৰ দিশৰ পৰা ভেটাপাৰা চাৰিআলিলৈকে পথচোৱা হ’ব One Way। ড০ ডি. এন শইকীয়া ৰোডৰ বেলতলা চাৰিআলিৰ পৰা এজি অফিচ উপ-পথলৈকে ন’ এন্ট্ৰি থাকিব।
  • চান্দমাৰি থানাৰ অন্তৰ্গত অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলি ওলাব পৰা পথচোৱাত থাকিব ন’ এন্ট্ৰি। হাতীগড় চাৰিআলিৰ পৰা বাহনসমূহ অনুৰাধা চাৰিআলিলৈ আহিব পাৰিব।

ইফালে এ টি ৰোডস্থিত আঠগাওঁ ফ্লাইঅভাৰৰ তলৰ পৰা ভৰলুমুখলৈকে আৰু দীনেশ গোস্বামী ৰোডৰ ভৰলুমুখৰ পৰা শান্তিপুৰলৈকে কোনোধৰণৰ বাহন পাৰ্কিং কৰিব নোৱাৰিব। পুজা মণ্ডপৰ পৰা ৫০০ মিটাৰ আঁতৰলৈকে কোনোধৰণৰ বাহন পাৰ্কিং কৰিব নোৱাৰিব। এম. জি. ৰোড, বি. বৰুৱা ৰোড, জি. এন. বি ৰোড, তাইবুল্লাহ ৰোড, জি. এছ ৰোডৰ লাচিত নগৰ পইন্টৰ পৰা জনতা হোটেল পইন্টলৈকে ন’ পাৰ্কিং থাকিব।

আনহাতে পূজাৰ দিনকেইটাত মহানগৰীৰ বহু পথত চিটী বাছৰ চলাচলৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।

বশিষ্ঠ মন্দিৰৰ পৰা চিটী বাছ ত্ৰিপুৰা গলি হৈ ভিআইপি পথেদি যাব। বশিষ্ঠৰ পৰা জিএছ ৰোডেৰে যোৱা গাড়ীও ত্ৰিপুৰা গলিৰে যাব পাৰিব। গড়পাণ্ডু বাছ ষ্টেণ্ডৰ পৰা লালগণেশলৈ যোৱা চিটীবাছসমূহ মালিগাওঁ হৈ গুৱাহাটী ক্লাবেৰ পথেৰে আহি চুপাৰ মাৰ্কেট হৈ লাল গণেশলৈকে চলিব। আয়ুৰ্বেদিক কলেজৰ পৰা পাঞ্জাবাৰীলৈকে যোৱা বাছসমূহ চান্দমাৰী, নুনমাটি,  নাৰেংগী, পাথৰকোঁৱেৰী, ছয়মাইল হৈ যাব। যোৰাবাটৰ পৰা কাছাৰী যোৱা বাছসমূহ নুনমাটি, চান্দমাৰী হৈ কাছাৰী ওলাব।

তাৰোপৰি পূজাৰ কেইদিন নামনি অসমৰ পৰা অহা বাছ সমূহ মাছখোৱাৰ পৰিৱৰ্তে ISBT লৈ যাব লাগিব বুলি আৰক্ষী উপ আয়ুক্তগৰাকীয়ে জনায়। লগতে সামগ্ৰী কঢ়িওৱা গাড়ীয়ে ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈ গুৱাহাটীত প্ৰবেশত মানিব লাগিব নিয়ম। পুৱা ৪ বজাৰ পৰা ৭ বজালৈকেহে গুৱাহাটীত প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িওৱা বাহনসমূহ।

লগতে পূজাৰ দিনকেইটা উদণ্ড বাইক আৰোহী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে মহানগৰ যান-বাহন আৰক্ষীয়ে অভিযান চলাব বুলিও তেওঁ সংবাদমেলত জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm
‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm
মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm
‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd