NORTHEAST NOW (Assamese)

পুনৰ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

December 14, 2019 8:13 pm · এন ই নাও নিউজ

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব আইনৰ বিৰোধিতাৰে ৰাজ্যত এতিয়াও অব্যাহত আছে প্ৰতিবাদ।

ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ বাতিল কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্যালয়ে এই কথা এখন জাননী যোগে জনাইছে।

বিশ্ববিদ্যালয়ে দিয়া জাননী অনুসৰি বিশ্ববিদ্যালয়খনৰ স্নাতক, স্নাতকোত্তৰ, এম বি এ, এল এল এম, এম টেককে ধৰি সকলো পৰীক্ষা সূচী বাতিল কৰিছে। ২২ ডিচেম্বৰলৈ বাতিল কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ।

লগতে জাননীখনত ২৩ ডিচেম্বৰৰ পৰা নতুন সূচী প্ৰস্তুত কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে।

Related News