স্মাৰ্টচিটী গুৱাহাটী ! বছৰ বাগৰিল, সলনি হ’ল চৰকাৰ, কিন্তু সলনি নহ’ল অনিল-নবীন নগৰবাসীৰ দুৰ্দশা

Photo Anil Nagar

দেওবাৰে এজাক বৰষুণৰ পিছত জলমগ্ন হৈ পৰা অনিলনগৰ। ফটো : নৰ্থইষ্ট নাও

দেওবাৰে পুৱাৰ এজাক মাত্ৰ বৰষুণতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰাৰ সমান্তৰালকৈ অনিল নগৰো হৈ পৰিল অনিল সাগৰ।

বহুবছৰ ধৰি কৃত্ৰিম বানৰ কবলত ভুগি অহা অনিল-নবীন নগৰবাসীৰ মাজত এজাক বৰষুণ দিলেই সৃষ্টি আন এক সমস্যা। ইফালে খোৱা পানীৰ সমস্যাত সঘনে ভুগি থকা অনিল-নবীননগৰবাসীৰ বৰষুণ দিলেই জীৱনৰ প্ৰতি নামি আহে নতুন এক বিপৰ্য্যয়।

উল্লেখ্য যে, স্মাৰ্ট চিটী হিচাপে গুৱাহাটী মহানগৰক গঢ় দিবলৈ প্ৰয়াস কৰা পৰিৱৰ্তনকামী চৰকাৰে কৃত্ৰিম বানপানীক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত কোনো পৰিৱৰ্তন আনিব পৰা নাই বিজেপি চৰকাৰে।

ইপিনে, গুৱাহাটী উন্নয়ন বিভাগ তথা পৌৰনিগমে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি ভাষণৰ ফুলজাৰি মাৰিলেও গুৱাহাটীত ইয়াৰ অন্য এক প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে।

আনহাতে, ব্যংগাত্মকভাৱে বাৰিষাৰ দিনকেইটা লংপেন্টৰ ঠাইত হাফপেন্ট পিন্ধা সংস্কৃতি গ্ৰহণ কৰা বুলিও একাংশ অনিলনগৰবাসীয়ে কয়।

এই সম্পৰ্কত অনিলনগৰৰ নিবাসী প্ৰশান্ত বৰ্মণে নৰ্থ ইষ্ট নাওক কয়, ‘’চৰকাৰ সলনি হ’ল, আমাৰ সলনি নহ’ল, কাৰণ বাৰিষাৰ দিনকেইটা আমি হাফপেন্ট  পিন্ধিয়েই থাকিবলগীয়া হয়।‘’

তেওঁ লগতে কয়, ‘আগৰ চৰকাৰখনেও কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিলে। কিন্তু বৰ্তমানো সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাক কেৱল প্ৰহসনৰ ওপৰত প্ৰহসন কৰি আহিছে।‘’

আনহাতে, মেচিনেৰে পানী নিস্কাষণ কৰা হয় যদিও এজাক বৰষুণ দিলেই পুনৰ পানীৰ তলত বুৰ যোৱা বুলি উল্লেখ কৰি প্ৰশান্ত বৰ্মণে লগতে কয়, ‘’এইবোৰ কৰাতকৈ কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান বিচাৰিছো।‘’

উক্ত অঞ্চলৰে আন এগৰাকী স্থানীয় ব্যক্তি হিতেন দত্তই কয় যে অনিলনগৰৰ বানপানী বিকশিত অসমৰ লগতে স্মাৰ্ট গুৱাহাটীৰ কদৰ্য্য ৰূপ। গুৱাহাটীখনৰ উন্নয়ন হোৱা বুলি তেওঁলোকে কথাৰ ফুলজাৰি নামাৰি কামৰ ফুলজাৰি মাৰিব লাগে।

তদুপৰি উক্ত অঞ্চলৰে আন এগৰাকী সচেতন ব্যক্তি প্ৰদীপ বৰ্মণে গীতৰ মাজৰে গুৱাহাটীৰ উন্নয়ন বিভাগৰ দায়িত্বত অহা প্ৰত্যেকজন মন্ত্ৰীয়ে উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ তথা তেওঁলোক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে মন্ত্ৰী হোৱা বুলি কটাক্ষ কৰে।

তেওঁ লগতে কয়, ‘’চৰকাৰখনে এডভান্টেজ আসাম, নমামি বৰাক ব্ৰহ্মপুত্ৰ পালন কৰি কৌটি-কৌটি টকা খৰচ কৰাতকৈ সেই টকাখিনিৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত খৰচ কৰক।‘’