গুৱাহাটীত আই পি এলৰ “সপোন” এতিয়া আদালতৰ মজিয়াত

“ৰাজস্থান ৰয়েলছৰ খেল বাহিৰলৈ নিয়াটো সন্মানহানিকৰ”, আদালতত আৱেদনকাৰীৰ মন্তব্য

Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

গুৱাহাটীত স্বচক্ষে আই পি এলৰ মেচ দেখা পাম বুলি আশা পালি থকা অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে নিৰাশা কঢ়িয়াই বিষয়টো আইনী মেৰপেঁচত পৰি অনিশ্চয়তালৈ গতি কৰিছে।

ৰাজস্থান ৰয়েলছৰ সহ-স্বত্বাধিকাৰী মনোজ বেডেলে যোৱা বছৰৰ ৬ নৱেম্বৰত ঘোষণা কৰিছিল যে দলটোৱে আগন্তুক ২০২০ আই পি এল ছিজনৰ বাবে গুৱাহাটীকো এখন নিজা স্থান (home venue) হিচাপে বিবেচনা কৰিছে।

দলটোৱে নিচেই কমেও আই পি এলৰ দুখন খেল গুৱাহাটীস্থিত ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰিব খুজিছিল।

আনকি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই অলপতে দাবী কৰিছিল যে গুৱাহাটীত আই পি এলৰ তিনিখন খেল অনুষ্ঠিত হ’ব।

যদিও গুৱাহাটীৰ নিজা আই পি এল দল নাই, ৰাজস্থান ৰয়েলছে নিঃসন্দেহে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীক উৎসাহিত কৰিলে হেঁতেন, কাৰণ দলটোত অসমৰ ৰিয়ান পৰাগ মিডল অৰ্ডাৰ বেটছমেন হিচাপে আছে।

বি চি চি আইৰ গৱৰ্নিং কাউন্সিলে আগন্তুক ছিজনৰ (২০২০) আই পি এলৰ খেলৰ সূচীবোৰ অলপতে চূড়ান্ত কৰিব। মাৰ্চ ২৯ৰ পৰা অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ ফাইনেল হ’ব ২৪ মে’ত।

কিন্তু গুৱাহাটীত আই পি এলৰ মেচ্চ অনুষ্ঠিত নোহোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

জয়পুৰৰ পৰা গুৱাহাটীলৈ দলটোৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হৈছে।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছে যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

ৰাজস্থান ৰয়েলছৰ পৰিচালন মণ্ডলীয়ে উত্তৰ দিবৰ বাবে আদালতৰ পৰা সময় বিচাৰিছে। অহা ১৩ ফেব্ৰুৱাৰিত বিষয়টোৰ শুনানি লোৱা হ’ব।

তাৰোপৰি, এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ একাংশ সদস্যয়ো গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয়।

যোৱা ৫ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ বাতিল হোৱা খেলখনৰ ঘটনাটোক লৈ তেওঁলোক সুখী নহয়। ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়ববীয়াৰ “school boy error” ৰ বাবে বাতিল হ’ব লগীয়া হৈছিল।

খেলখনৰ আৰম্ভণিত হোৱা বৰষুণৰ পিছত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ গ্ৰাউণ্ড ষ্টাফে সেমেকা পিটছ শুকুৱাবলৈ ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ সময়ত গুৱাহাটীত বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ সদস্য মামন মজুমদাৰ উপস্থিত আছিল।

আন এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলো গুৱাহাটী ষ্টেডিয়ামৰ অৱস্থা আৰু অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰস্তুতিক লৈ আশ্বস্ত নহয়।

আনহাতে অসমত এপ্ৰিল মাহত আগমন ঘটা বৰদৈচিলা (প্ৰবল বৰষুণ আৰু বতাহ)ক লৈও বি চি চি আইৰ সদস্যসকল শংকিত বুলি জানিব পৰা গৈছে।

শেহতীয়া টি-২০ মেচখনত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ অদূৰদৰ্শিতাৰ পিছত, বৰদৈচিলাৰ ভয় আৰু আইনী মেৰপেঁচ গুৱাহাটীৰ আই পি এলৰ সপোন ধূলিসাৎ কৰাটো প্ৰায় নিশ্চিত।