জি ভি কে কৰ্তৃপক্ষৰ বিৰুদ্ধে আলোচনাৰ নামত মাতি নি অত্যাচাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ

জি ভি কে কৰ্তৃপক্ষ বনাম প্ৰতিবাদকাৰী

জৰুৰীকালীন ১০৮ ১০২ কৰ্মচাৰীসকলে ৪ দিন ধৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী চলাই নিয়াৰ মাজতে শনিবাৰে আলোচনাৰ বাবে জি ভি কে কৰ্তৃপক্ষই মাতি নি কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদী কৰ্মচাৰীসকলে। তদুপৰি, জিভিকেৰ অসমৰ এইচ আৰ পি. এন ৰাওৰ বিৰুদ্ধে অসমীয়া জাতিক ধৰি অশ্লীল শব্দৰে গালি-গালাজ পৰাৰ অভিযোগ তোলে ১০৮ কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গই।

উল্লেখ্য যে, পাঁচ দিন পাৰ হৈ যোৱাৰ পাছতো অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে ১০৮, ১০২আৰু জৰুৰীকালীন কৰ্মচাৰী সন্থাই। আনহাতে শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা আলোচনা অনুষ্ঠিত কৰাৰ বাবে হুংকাৰ দিয়াৰ লগতে জি ভি কে কৰ্তৃপক্ষই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে পৰিয়ালৰ লোককো গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ১০৮-১০২ ৰ ই আৰ অ’ অনুপ জ্যোতি ডেকাই।

আনহাতে, জি ভি কে কৰ্তৃপক্ষই আলোচনাৰ নামত মাতি নি নিশা ১২ বজালৈকে সকলোকে বহুৱাই থৈ দিয়া বুলি জানিবলৈ দি ডেকাই কয়, ‘’ৰাতি এগৰাকী মহিলা কৰ্মচাৰীক জি ভি কেৰ অসমৰ নিযুক্তিদাতা বিষয়া চমুকৈ এইচ আৰ পি এন ৰাৱে অশ্লীল বাক্যবানেৰে অসমীয়া জাতিক ধৰি গালি গালাজ কৰিছিল।‘’

তেওঁ লগতে পি এন ৰাওৰ বিৰুদ্ধে অভিযোগ তুলি কয়, ‘‘অশ্লীল শব্দ ব্যৱহাৰ কৰি তেওঁ অসমীয়া জাতিয়ে তেওঁলোকৰ কি ক্ষতি কৰিব বুলিও কয়।‘‘

পি এন ৰাও আৰু মহিলা কৰ্মচাৰীগৰাকীৰ মাজত বাক্-বিতণ্ডা চলি থকাৰ সময়তে সন্থাৰ কেইজনমান কৰ্মচাৰীয়ে পৰিবেশটো শান্ত কৰাৰ বাবে চেষ্টা কৰিছিল বুলি তেওঁ আমাৰ সাংবাদিকক জানিবলৈ দি লগতে কয়, ‘’তেতিয়াই আমাৰ চাৰিজন কৰ্মচাৰী ক্ৰমে ৰফিকুল ইছলাম, প্ৰাঞ্জল শইকীয়া, প্ৰাঞ্জল শৰ্মা আৰু ফইজুল ইছলামক গড়চুক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।‘’

আনহাতে, গড়চুক আৰক্ষীৰ প্ৰতিও অভিযোগৰ আঙুলি তুলি তেওঁ কয়, ‘‘যিকেইজনক আটক কৰি লৈ গৈছিল, সেইকেইজনক সাক্ষাৎ কৰিবলৈ যোৱা আন বহুগৰাকীকো আৰক্ষীয়ে থানাতে আৱদ্ধ কৰি থয়।‘‘

আনহাতে, অসমীয়া জাতিক কেন্দ্ৰ কৰি এগৰাকী বহিঃৰাজ্যৰ বিষয়াই অশ্লীল শব্দৰে গালি-গালাজ কৰাটো সহ্য কৰা নহ’ব বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘’আমি এই কথাক লৈ ৰাজহুৱা মুণ্ডন কাৰ্য্যসূচী হাতত ল’ম।‘‘

উল্লেখযোগ্য যে  ১৪৪ ধাৰা ভংগ কৰাৰ বাবে ৫ দিন ধৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা প্ৰতিবাদকাৰীসকলক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়।