NORTHEAST NOW (Assamese)

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নতুন বিচাৰপীঠ, কাইলৈ গ্ৰহণ কৰিব শুনানি

November 10, 2022 3:24 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ ফলশ্ৰুতিত সম্প্ৰতি চৰ্চাত থকা জ্ঞানৱাপী মছজিদ বিবাদৰ শুনানিৰ বাবে এক নতুন বিচাৰপীঠ গঠন কৰিব উচ্চতম ন্যায়ালয়ে। এই নতুন বিচাৰপীঠে কাইলৈ আবেলি ৩ বজাত জ্ঞানৱাপী মছজিদ বিবাদৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব।

অধিবক্তা বিষ্ণু শংকৰ জৈনে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সন্মুখত আজি এই গোচৰ উপস্থাপন কৰে। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শীৰ্ষ ন্যায়ালয়ে এই গোচৰৰ বাবে এখন বিচাৰপীঠ গঠন কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ১৭ মে’ৰ অন্তৱৰ্তীকালীন আদেশত শিৱলিংগ উদ্ধাৰ হোৱা বুলি দাবী কৰা ভূখণ্ডৰ সুৰক্ষাৰ লগতে মুছলমানসকলক মছজিদ চৌহদত নামাজ প্ৰদান কৰিবলৈ অনুমতি দিছিল।

আনহাতে তাৰ পূৰ্বে বাৰাণসীৰ এখন জিলা আদালতে জ্ঞানৱাপী মছজিদৰ বাহিৰৰ দেৱালত অৱস্থিত হিন্দু দেৱতাসকলৰ মূৰ্তিৰ দৈনিক উপাসনাৰ অনুমতি বিচাৰি কৰা আবেদনক গ্ৰাহ্যতা প্ৰদান কৰিছিল।

বাৰাণসীৰ জিলা আদালতৰ এই নিৰ্দেশৰ পিছত মছজিদ সমিতিয়ে আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ১৫ অক্টোবৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

Related News