চাকৰিৰ প্ৰলোভন দি যুৱতীক মাতি আনি হোটেলত ধৰ্ষণ! জিমৰ মালিকৰ বিৰুদ্ধে ৰুজু গোচৰ

প্ৰতিনিধিত্বমূলক ফটো।

মুম্বাইৰ দৰে চহৰত উচ্চ নিৰিখৰ দৰমহা পোৱা চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল যুৱকজনে। কিন্তু সেই কথা বিশ্বাস কৰি প্ৰতাৰণাৰ বলি হ’ব লগা হ’ল যুৱতী। যুৱকজনে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰা হৈছে। আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাইছে।

মুম্বাইৰ জুহু অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযোগকাৰী যুৱতী উত্তৰ প্ৰদেশৰ উন্নাওৰ বাসিন্দা। অভিযোগ মতে, যুৱকজনে চাকৰিৰ প্ৰতিশ্ৰুতিৰে তেওঁক মুম্বাইলৈ মাতিছিল।

তেওঁ যুৱতীগৰাকীক কয় যে তেওঁ মুম্বাইৰ এটা অভিজাত এলেকাত জিম খোলাৰ পৰিকল্পনা কৰিছে। যুৱতীগৰাকীক তাত উচ্চ হাৰত দৰমহাৰ চাকৰি দিয়া হ’ব। এই আশ্বাস পাই যুৱতীগৰাকী মুম্বাই পায়হি।

লগতে পঢ়কঃ ডিব্ৰুগড়ত মহিলাই হত্যা কৰিলে স্বামীক; দুই সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

জুহু আৰক্ষী থানাত দাখিল কৰা এজাহাৰত যুৱতীগৰাকীয়ে কয় যে তেওঁক জিম খোলাৰ কথা পাতিবলৈ হোটেললৈ মাতি অনা হৈছিল। অভিযোগ অনুসৰি যুৱকজনে তাতেই তেওঁক ধৰ্ষণ কৰিছিল। এবাৰ নহয়, তিনি স্থানত তিনিবাৰ ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে যুৱতীগৰাকীয়ে।

মুম্বাইৰ পিছত যুৱকজনে এবাৰ গোৱাত আৰু এবাৰ লক্ষ্ণৌত ধৰ্ষণ কৰিছিল বুলি যুৱতীগৰাকীয়ে আৰক্ষীক জনায়। যুৱতীগৰাকীয়ে ২০১৯ চনত প্ৰথমবাৰৰ বাবে যুৱকজনক লগ পাইছিল।

লগতে পঢ়কঃ মধ্যপ্ৰদেশৰ ধৰ্মীয় চহৰত মদ-মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। অৱশ্যে এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত। তেওঁৰ সন্ধান চলি আছে।