টেনিছ তাৰকা জক’ভিচক যৌন কেলেংকাৰিত ফচাবলৈ চাৰ্বিয়ান মডেলক দিয়া হৈছিল ৫০ লাখ টকাৰ অফাৰ!

1616572100_natalija-scekic

বিশ্ব টেনিছত তোলপাৰ লগাইছে এক বিশেষ খবৰে। বিশ্বৰ শীৰ্ষ স্থানীয় চাৰ্বিয়ান টেনিছ তাৰকা ন’ভাক জ’ক’ভিচক যৌন কেলেংকাৰিত ফচাবলৈ এগৰাকী চাৰ্বিয়ান মডেলক ভাৰতীয় মূল্যত প্ৰায় ৫০ লাখ টকা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল।

এই বিস্ফোৰক অভিযোগ কৰিছে চাৰ্বিয়ান সুন্দৰী মডেল নাটালিয়া চেকিচকেই।

চাৰ্বিয়ান মডেল নাটালিয়াই Svet & Scandal নামৰ এখন ইউৰোপিয়ান মেগাজিনত দিয়া সাক্ষাৎকাৰত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

মডেলগৰাকীয়ে সাক্ষাৎকাৰটোত প্ৰকাশ কৰা মতে লণ্ডনত পৰিচিত এগৰাকী লোকে তেওঁক সাক্ষাৎ কৰি এই প্ৰস্তাৱ দিছিল।

নাটালিয়াই প্ৰকাশ কৰা মতে লোকজনে এদিন নাটালিয়াক ডেটিঙৰ প্ৰস্তাৱ দিয়ে আৰু ব্যৱসায়িক সংক্ৰান্তীয় আলোচনা কৰিব বুলি ভাবি তেওঁক সাক্ষাৎ কৰে। আৰু তেতিয়াই লোকজনে নাটালিয়াক সেই প্ৰস্তাৱ দিয়ে।

“মই মানুহজনক ভাল মানুহ বুলি ভাবিছিলো। তেওঁৰ কাম কাজৰ বিষয়েও মই জানিছিলো। আমাৰ বাৰ্তালাপ আৰম্ভ হোৱাৰ পিছত দেখিলো যে কথাবোৰ মোৰ জীৱনৰ সৈতে কোনো প্ৰকাৰেই সম্পৰ্ক নাই। হিডেন কেমেৰাৰে মই ন’ভাকক যৌন কেলেংকাৰিত ফচাব লাগে বুলি কৈ ক’লে যে মই কোনো চিন্তা কৰিব নেলাগে, কাৰণ তেওঁ সকলো ব্যৱস্থা কৰি দিব।” নাটালিয়াই কয়।

ইয়াৰ পিছতে নাটালিয়াই কয়, “যদি মই এই কাম কৰো, তেওঁ মোক ৬০ হাজাৰ ইউৰো ধন দিয়াৰ প্ৰস্তাৱ দিয়ে। মই হাঁহিলো, মই ভাবিলো তেওঁ চাগে মোৰ সৈতে ধেমালি কৰিছে। কিন্তু তেওঁ ছিৰিয়াছ আছিল। মই ক্ষুণ্ণ আৰু অপমানিত হ’লো।” নাটালিয়াই আৰু কয়।

ন’ভাকক কোনো স্থানলৈ নি গোপনে অন্তৰংগৰ মুহূৰ্তৰ ফ’টো আৰু ভিডিঅ’ ল’বলৈ নাটালিয়াক প্ৰস্তাৱ দিছিল লোকজনে।

“সেই মুহূৰ্তত লোকজনক এটা প্ৰচণ্ড ঘোচা দি মুখত পানী মাৰি দিবলৈ মন গৈছিল মোৰ। কিন্তু মই নিজকে সম্বৰণ কৰিলো, কাৰণ সেয়া আছিল ৰাজহুৱা স্থান। মই ভাবিছিলো তেনে কাম কৰিবলৈ তেওঁ সঠিক ছোৱালী বিচাৰি উলিয়াব নোৱাৰিলে। ন’ভাকৰ সৈতে তেনে কৰিব নোৱাৰি। তেওঁ আমাৰ শ্ৰেষ্ঠ এম্বেছাডৰ আৰু পৰিয়াল থকা লোক।” নাটালিয়াই সাক্ষাৎকাৰটোত এইদৰে কয়।

উল্লেখ্য যে ন’ভাক জ’ক’ভিচ আৰু তেওঁৰ পত্নী জেলেনাৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিও চলি আছে। অৱশ্যে টেনিছ তাৰকাজনে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে ওলাই থকা উৰা বাতৰি সত্য নহয় বুলি দাবী কৰি ইয়াৰ সমালোচনাও কৰি আহিছে।