NORTHEAST NOW (Assamese)

ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক আৰম্ভণি

June 9, 2019 10:11 pm · পংকজকুমাৰ দেব
ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলবেগ বিতৰণ।

আজি আনুষ্ঠানিকভাৱে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আৰম্ভণি হয়।  হাফলং চহৰৰ নামাছাং ভৱনত আয়োজন কৰা এখন সভাৰ যোগেদি  শাখাটোৰ আনুষ্ঠানিক আৰম্ভণিৰ কথা ঘোষণা কৰে ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তীয় সমিতিৰ উপ-সভাপতি শান্তলাল মিট্টালে।

শুভাৰণি সভাত উপস্থিত আছিল ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তীয় সাংগঠিনক সচিব দিলীপ শৰ্মা, পৰিষদৰ কৰিমগঞ্জ শাখাৰ সভাপতি মৃণাল কান্তি দত্ত, ত্ৰিপুৰাৰ নিখিল ৰঞ্জন দাস, হাফলঙৰ বিশিষ্ট সমাজকৰ্মী ড০ ৰামকুইবে জেমি, হাফলং শাখাৰ সভাপতি শশাংক দত্ত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক দীনেশ তিৱাৰী আদি।

আৰম্ভণিৰ বক্তব্যত মৃণাল কান্তি দত্তই পৰিষদৰ বিভিন্ন সামাজিক কাম-কাজৰ বিষয়ে দাঙি ধৰে। নৱগঠিত হাফলং শাখাৰ সাধাৰণ সচিব বিক্ৰমজিৎ চৌধুৰীয়েও বক্তব্য ৰাখে।

পৰিষদৰ অসম প্ৰান্তীয় উপ-সভাপতি  শান্তলাল মিট্টালে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখা কমিটিৰ পদাধিকাৰী তথা সদস্যসকলক শপত বাক্য পাঠ কৰায়।

উল্লেখনীয় যে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখা আজিৰ পৰা পঁচিশ বছৰ আগতে স্থাপিত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত শাখা সমিতি আগুৱাই যোৱাত বাধাৰ সৃষ্টি হৈছিল। এতিয়া নতুনকৈ বিকাশ পৰিষদৰ হাফলং শাখা গঠন কৰা হয়।

ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্য্যসূচীৰ এটা মুহূৰ্ত।

শশাংক দত্ত, বিক্ৰমজিৎ চৌধুৰী আৰু অভিজিৎ দাস ক্ৰমে নৱগঠিত শাখাৰ সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষ নিৰ্বাচিত কৰা হয়।

আজি স্থাপনা আৰু দায়িত্ব সমৰ্পণ অনুষ্ঠানৰ দিনা হাফলঙৰ মুঠ পঁচিচগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ তুলি দিয়া হয়।

নিজৰ বক্তব্যত মিট্টালে কয়, ভাৰত বিকাশ পৰিষদৰ জন্ম ১৯৬৩ চনত হয় আৰু তেতিয়াৰ পৰা ই সমাজৰ হিতৰ কাৰণে কাম কৰি আহিছে। মিট্টালে আৰু কয় যে চীনৰ যুদ্ধৰ সময়ত যুদ্ধত আহত সেনা-কৰ্মীসকলক সেই সময়ত ত্ৰিছ হাজাৰ তেজৰ ইউনিট যোগান ধৰিছিল পৰিষদে। বৰ্তমানে দেশজুৰি ১৪০০টা শাখা আছে ভাৰত বিকাশ পৰিষদৰ।

সভাত দিলীপ শৰ্মা, দীনেশ তিৱাৰী, শশাংক দত্ত, ৰামকুইবে জেমি, নিখিল দাস আদিয়েও বক্তব্য আগ বঢ়ায়।

Related News