• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক আৰম্ভণি

Pankaj Kumar Deb পংকজকুমাৰ দেব
হাফলং , June 9, 2019 10:11 pm

2 min read

Bharat Vikash Parishad_Hallong

ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলবেগ বিতৰণ।

652
VIEWS
Share on FacebookShare on Twitter

আজি আনুষ্ঠানিকভাৱে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আৰম্ভণি হয়।  হাফলং চহৰৰ নামাছাং ভৱনত আয়োজন কৰা এখন সভাৰ যোগেদি  শাখাটোৰ আনুষ্ঠানিক আৰম্ভণিৰ কথা ঘোষণা কৰে ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তীয় সমিতিৰ উপ-সভাপতি শান্তলাল মিট্টালে।

শুভাৰণি সভাত উপস্থিত আছিল ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তীয় সাংগঠিনক সচিব দিলীপ শৰ্মা, পৰিষদৰ কৰিমগঞ্জ শাখাৰ সভাপতি মৃণাল কান্তি দত্ত, ত্ৰিপুৰাৰ নিখিল ৰঞ্জন দাস, হাফলঙৰ বিশিষ্ট সমাজকৰ্মী ড০ ৰামকুইবে জেমি, হাফলং শাখাৰ সভাপতি শশাংক দত্ত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক দীনেশ তিৱাৰী আদি।

আৰম্ভণিৰ বক্তব্যত মৃণাল কান্তি দত্তই পৰিষদৰ বিভিন্ন সামাজিক কাম-কাজৰ বিষয়ে দাঙি ধৰে। নৱগঠিত হাফলং শাখাৰ সাধাৰণ সচিব বিক্ৰমজিৎ চৌধুৰীয়েও বক্তব্য ৰাখে।

পৰিষদৰ অসম প্ৰান্তীয় উপ-সভাপতি  শান্তলাল মিট্টালে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখা কমিটিৰ পদাধিকাৰী তথা সদস্যসকলক শপত বাক্য পাঠ কৰায়।

উল্লেখনীয় যে ভাৰত বিকাশ পৰিষদৰ হাফলং শাখা আজিৰ পৰা পঁচিশ বছৰ আগতে স্থাপিত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত শাখা সমিতি আগুৱাই যোৱাত বাধাৰ সৃষ্টি হৈছিল। এতিয়া নতুনকৈ বিকাশ পৰিষদৰ হাফলং শাখা গঠন কৰা হয়।

Bharat Vikash Parishad_Hallong_2
ভাৰত বিকাশ পৰিষদৰ হাফলং শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্য্যসূচীৰ এটা মুহূৰ্ত।

শশাংক দত্ত, বিক্ৰমজিৎ চৌধুৰী আৰু অভিজিৎ দাস ক্ৰমে নৱগঠিত শাখাৰ সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষ নিৰ্বাচিত কৰা হয়।

আজি স্থাপনা আৰু দায়িত্ব সমৰ্পণ অনুষ্ঠানৰ দিনা হাফলঙৰ মুঠ পঁচিচগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ তুলি দিয়া হয়।

নিজৰ বক্তব্যত মিট্টালে কয়, ভাৰত বিকাশ পৰিষদৰ জন্ম ১৯৬৩ চনত হয় আৰু তেতিয়াৰ পৰা ই সমাজৰ হিতৰ কাৰণে কাম কৰি আহিছে। মিট্টালে আৰু কয় যে চীনৰ যুদ্ধৰ সময়ত যুদ্ধত আহত সেনা-কৰ্মীসকলক সেই সময়ত ত্ৰিছ হাজাৰ তেজৰ ইউনিট যোগান ধৰিছিল পৰিষদে। বৰ্তমানে দেশজুৰি ১৪০০টা শাখা আছে ভাৰত বিকাশ পৰিষদৰ।

সভাত দিলীপ শৰ্মা, দীনেশ তিৱাৰী, শশাংক দত্ত, ৰামকুইবে জেমি, নিখিল দাস আদিয়েও বক্তব্য আগ বঢ়ায়।

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd