উফন্দি উঠিছে জাতিংগা নদী! হাফলং-শিলচৰ সংযোগী ঘাইপথত ব্যাহত যাতায়ত

ধাৰাসাৰ বৰষুণৰ বাবে হাফলং আৰু শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো  সম্পূৰ্ণৰূপে যাতায়তৰ বাবে বন্ধ হৈ পৰিছে।

বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাত অবিৰত বৰষুণৰ ফলত জাতিংগা নদীৰ পানী ওফন্দি উঠাৰ ফলত জাতিংগা আৰু হাফলঙৰ মাজৰ গুৰুত্বপূৰ্ণ ঘাইপথৰ এক উল্লেখযোগ্য অংশ বানত ডুব গৈছে।

ভিডিঅ’ ফুটেজত উফন্দি উঠা নদীখনৰ দৃশ্য বন্দী হৈছে, য’ত দেখা গৈছে যাত্ৰীসকল আবদ্ধ হৈ পৰিছে আৰু বাহনৰ চলাচল বন্ধ হৈ পৰিছে।

পথটো মুকলি কৰি যিমান পাৰি ক্ষীপ্ৰতাৰে যাতায়ত সুচল কৰি কৰি তুলিবলৈ জৰুৰীকালীন সাহায্যকাৰী দলসমূহে সক্ৰিয়ভাৱে কাম কৰি আছে।

চলিত বৰ্ষৰ আৰম্ভণিতে মে’ মাহত ডিমা হাছাও আৰক্ষী প্ৰশাসনে হাফলং আৰু মাহুৰৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰি জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল।

ইয়াৰ উপৰিও এন-লেইকুলত ঘাইপথটো পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ আছে।