• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেজৰিৱালৰ জামিন আৱেদন বাৰম্বাৰ স্থগিত ৰখাত উদ্বিগ্নতা! মুখ্য ন্যায়াধীশলৈ ১৫০ জন আইনজীৱীৰ পত্ৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 6, 2024 6:07 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই সপ্তাহতে মুখ্য ন্যায়াধীশলৈ এই পত্ৰ লিখা হৈছে। কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে। উদাহৰণ হিচাপে শেহতীয়াকৈ কেজৰিৱালৰ জামিন নিলম্বনৰ কথা উল্লেখ কৰা হৈছে। পত্ৰখনত কোৱা হৈছে যে, ‘আবকাৰী গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ৰাউজ এভিনিউ আদালতে। কিন্তু এই নিৰ্দেশ আপলোড কৰাৰ পূৰ্বে কেন্দ্ৰীয় সংস্থা ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধীৰ কুমাৰ জৈনে ইডিক গোচৰটো দাখিল কৰিবলৈ অনুমতি দিয়ে আৰু পিছদিনা শুনানিৰ বাবে গোচৰটো তালিকাভুক্ত কৰা হয়। নিম্ন আদালতৰ নিৰ্দেশ আপলোড কৰাৰ সময়তে সমগ্ৰ ঘটনা সংঘটিত হয়। এইটো এটা ডাঙৰ চিন্তাৰ বিষয়।”

পত্ৰখনত অধিবক্তাসকলে কয় যে ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত এনে ঘটনা আগতে হোৱা নাই। এই দেশৰ জনসাধাৰণে অতি আশা আৰু আত্মবিশ্বাসেৰে আদালতৰ কাষ চাপিছিল। এই আস্থাক ন্যায়পালিকাৰ আৰু অধিবক্তাৰ জৰিয়তে সুৰক্ষিত কৰিব লাগিব। সেই কথা মনত ৰাখিয়েই আমি আমাৰ উদ্বেগ প্ৰকাশ কৰোঁ।

ইয়াৰ উপৰিও প্ৰতিখন শুনানিতে জামিনৰ আবেদনত স্থগিতাদেশ দিয়াৰ তাৰিখৰ পাছত তাৰিখৰ বিষয়টোক লৈও উদ্বেগ প্ৰকাশ কৰিছে পত্ৰখনত। বিশেষকৈ ইডি, চিবিআইৰ সৈতে জড়িত গোচৰত এনে ঘটনা বাৰে বাৰে পৰ্যবেক্ষণ কৰিব পৰা যায়। পত্ৰখনত কোৱা হৈছে যে এই বিষয়সমূহ ন্যায়ৰ বিপৰীত আৰু হোৱাটো অনুচিত।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd