বিটিচিত মই আৰু বিপিএফ থকালৈকে কেতিয়াও বড়োলেণ্ড নহয় : হাগ্ৰামা মহিলাৰী

BTC-Chief-Hagrama-Mohilary-L-and-MP-Biswajit-Daimary-addressing-the-rally

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী। ফাইল ফটো

‘’বি টি চিত মই আৰু বিপিএফ থকালৈ কেতিয়াও বড়োলেণ্ড নহয়। এবছু আৰু এন ডি এফ বি (প্ৰ)য়ে বড়োলেণ্ডৰ দাবীত আন্দোলন কৰি আছে যদিও কোনোদিন বড়োলেণ্ড নহ’ব। এবছুক নিজৰ সম্পত্তি বুলি ভাবি প্ৰমোদ বড়োৱে বড়ো ৰাইজক আন্দোলনত জড়িত কৰি বড়ো জাতিক বিক্ৰী কৰি আহিছে,’’- বি টি চিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে মন্তব্য কৰে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সদৰত শুকুৰবাৰে দুপৰীয়া ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত এখন সভাত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত দিয়া ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।

হাগ্ৰামাই ভাষণ প্ৰসংগত আৰু কয় যে বি পি এফ দল সকলো জাতি-জনগোষ্ঠীৰ লোকৰ দ্বাৰা গঠিত দল। সেয়েহে, বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত। তেওঁক সকলো জাতি-জনগোষ্ঠীয় লোকৰ ভোটাৰসকলক ওলাই আহি বি পি এফৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ মহিলাৰীয়ে আহ্বান জনায়।

মহিলাৰীয়ে লগতে এবছুক তীব্ৰ সমালোচনা কৰি কয়, ‘’এবছুৱে বড়ো জাতি তথা সমাজৰ বাবে একো কৰিব পৰা নাই। কেৱল বড়োলেণ্ডৰ নামত ৰাইজক বিভ্ৰান্ত কৰি আছে। তেওঁলোকে যিমানেই আন্দোলন নকৰক কিয় বি টি চিত কেতিয়াও পৃথক বড়োলেণ্ড ৰাজ্য গঠন নহয়।‘’

আনহাতে, সমাৱেশত ভাষণ দি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৱে ৰাজনীতি কৰি ৰাইজক ঠগাই অহা বুলি সমালোচনা কৰে।

ইপিনে, এই সভাতে বিভিন্ন দল-সংগঠনৰ ৩৯৩ কৰ্মী-সদস্য-সমৰ্থকে বি পি এফত যোগদান কৰে। সভাত বি টি চিৰ কাৰ্যবাহী সদস্য ক্ৰমে গণেশ কছাৰী, দেৱেন বড়ো, মহেশ্বৰ বসুমতাৰী, জগদীশ সৰকাৰ, বিধায়ক মনেশ্বৰ বড়ো, থানেশ্বৰ বসুমতাৰীকে ধৰি বি পি এফৰ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।