বিজেপিৰ কাৰ্য্যালয়ত তলা ওলমালে গৌতম ৰয়ক দললৈ আদৰাক লৈ ক্ষুব্ধ বিজেপি কৰ্মীয়ে
মাত্ৰ দুদিন পূৰ্বে বিজেপিত যোগদান কৰা গৌতম ৰয়ক দলটোলৈ আদৰাক লৈ উত্তাল হৈছে বৰাকৰ ৰাজনীতি।
উপত্যকাটোৰ জ্যেষ্ঠ বিজেপি নেতাসকলে এই কথাটোৰ মুকলি প্ৰতিবাদ কৰা নাই যদিও কৰ্মী-সদস্যই জিলা সভাপতিকে ধৰি বিষবববীয়াক ইয়াৰ কৈফিয়ৎ বিচাৰি হাইলাকান্দি জিলা কাৰ্য্যালয়ত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
যোৱা ১১ আগষ্টত ৰয়ে আন দুজন প্ৰাক্তন কংগ্ৰেছী নেতাৰ সৈতে গুৱাহাটীত থকা প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্য্যালয়ত যোগদান কৰিছিল।
ইয়াৰ পিছতে পূৰ্বৰ প্ৰভাৱশালী কংগ্ৰেছী নেতাজন নিজৰ জিলাখনলৈ যায় আৰু ১৩ আগষ্টত বিজেপিৰ জিলা কাৰ্য্যালয়লৈ প্ৰথম বাৰৰ বাবে গৈছিল। তেতিয়াই বহুতো পুৰণি কৰ্মীয়ে তেওঁক বাধা দিয়ে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।
খবৰমতে, ১৩ আগষ্টত বিজেপিৰ যুৱ মৰ্চাৰ শতাধিক কৰ্মী-সদস্যই দলটোৰ জিলা কাৰ্য্যালয়লৈ আহে আৰু ৰয়ক বাধা দিয়াৰ লগতে জিলা সভাপতি সুব্ৰত নাথক ঘেৰাও কৰে।
তেওঁলোকে দুৰ্নীতিৰ সৈতে জড়িত গৌতম ৰয়ক কিয় দলটোলৈ অনা হৈছে বুলি প্ৰশ্ন কৰে জিলা সভাপতিজনক।
পৰিস্থিতি এনে পৰ্য্যায় পাইগৈ যে কাৰ্য্যালয়টোৰ সন্মুখত আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰিব লগীয়া হয়।
গৌতম ৰয়ে যোগদান কৰাৰ পিছত ১২ আগষ্টত জিলা সভাপতি সুব্ৰত নাথে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল, “গৌতম ৰয় মন্ত্ৰী থকা অৱস্থাত জিলাখনত দালালৰাজৰ সৃষ্টি কৰিছিল। তেওঁ এতিয়া এইবোৰ কৰিব নোৱাৰিব। দলে এইটো কথাত চকু ৰাখিব।”
আনহাতে্, বিষয়টোত মৌনতা অৱলম্বন কৰা দেখা গৈছে জিলাখনৰ জ্যেষ্ঠ বিজেপি নেতাসকলক। বৰ্ষীয়ান নেতা কবীন্দ্ৰ পুৰকায়স্থই ইয়াক “দলীয় সিদ্ধান্ত” বুলি অধিক মন্তব্যৰ পৰা ফালৰি কাটে। মন্তব্য কৰিবলৈ অসন্মত্ হয় বিধায়ক দিলীপ পাল। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, “যেই যোগদান কৰক, দলীয় অনুশাসন মানি চলিব লাগিব।”
ৰয়ক কংগ্ৰেছ দলটোৱে যোৱা ১৫ জুনত দলৰ পৰা নিলম্বন কৰিছিল।
বিজেপিয়ে নিজেই এসময়ত দুৰ্নীতিপৰায়ণ কংগ্ৰেছী নেতা হিচাপে জনগণৰ আগত যিসকলক চিহ্নিত কৰিছিল, তেওঁলোকৰ ভিতৰত গৌতম ৰয়ো এজন আছিল।
১১ আগষ্টত ৰয়ক ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান প্ৰভাৱশালী বিজেপি মন্ত্ৰী হিমন্ত বিশ্বই দলটোলৈ আদৰিছিল।