বোকাখাত মহকুমাৰ কমাৰগাঁৱত প্ৰৱল শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি

hailstorm in Bokakhat

বোকাখাতত শিলাবৃষ্টি

আজি সন্ধিয়া অহা এজাক প্ৰৱল শিলাবৃষ্টিয়ে বোকাখাত মহকুমাৰ কমাৰগাঁও অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে৷ শিলাবৃষ্টিৰ ফলত বৃহত্তৰ অঞ্চলটোৰ বচাপথাৰ, বৰপথাৰ, বৰদিহিঙীয়া, বুধবাৰী, পানীদিহিঙীয়া, নপমুৱা, বুধবাৰী, সোণোৱাল, তৰুণ নগৰ, নিউ সোণোৱালকে আদি কৰি কুৰিখনৰো অধিক গাঁৱত ক্ষতি সাধন হয়।

প্ৰবল শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ কৃষি পথাৰৰ শস্য সমূহ নষ্ট হোৱাৰ লগতে বহু ঘৰৰ টিংপাত বিধস্ত হয়। এনে আকস্মিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্থ হোৱা গৃহসমূহৰ লোকসকলে বৰষুণত তিতি বুৰি নিজৰ ঘৰৰ ভিতৰতে উজাগৰে থাকিব লগা হয়।

আনহাতে, বৰ পথাৰ অঞ্চলৰ লোকসকলে  আশ্ৰয় শিবিৰ পাতি থাকিব লগা পৰিস্থিতিৰ উৎভৱ হয়। শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণৰ বাবে তাৎক্ষনিক ব্যৱস্থা গ্ৰহন কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ৷