NORTHEAST NOW (Assamese)

পাব্লিচিটি ষ্টাণ্ট : হাজোত ই-ৰিক্সা চালকৰ ৰূপত বিধায়িকা সুমন

November 5, 2018 12:34 pm · মৃদুল প্ৰীতম ডেকা
Updated: November 5, 2018 3:45 pm

পঞ্চায়ত নিৰ্বাচনৰ বা’ ব’লিছে। এই নিৰ্বাচনৰ বা’ গাত লগা বিধায়িকা আঙুৰলতাই স্কুটী চলাই সমষ্টি ভ্ৰমণ কৰিছে।  হাজোৰ সুমন হাৰিপ্ৰিয়াও বহি থকা নাই। আগন্তুক নিৰ্বাচনক আগত ৰাখিয়েই এইবাৰ ই-ৰিক্সা চালকৰ ৰূপত গুণমুগ্ধ ৰাইজৰ আগত দৰিশন দিছে হাজোৰ অতি সক্ৰিয় বিধায়িকা সুমন হাৰিপ্ৰিয়াই। সম্প্ৰতি ই-ৰিক্সা চলাই নিজৰ সমষ্টিত ঘুৰি ফুৰা দেখা গৈছে বিধায়িকাগৰাকীক। হাজোত ৰিক্সা চালকক ই-ৰিক্সা বিতৰণ কৰা এটা অনুষ্ঠানত এই দৰে ব্যতিক্ৰমী ৰূপ দেখা গৈছে বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ। হাজোৰ ১০জন দৰিদ্ৰ ৰিক্সা চালকক গুৱাহাটী ৰিফাইনেৰীয়ে প্ৰদান কৰিছে ১০খন ই ৰিক্সা।

হিতাধিকাৰীসকলৰ মাজত এই ই-ৰিক্সাসমূহ বিতৰণ কৰি সুমনে কলে হাজোত উন্নয়নৰ ধুমুহা ব’লোৱাৰ কথা। হাজোৰ বাট-পথত এতিয়া হেনো ফু মাৰি ভাত খাব পৰা অৱস্থা হৈছে। বিধস্ত পথত চেণ্ডেল নিছিঙা হল, অন্য সমষ্টিৰ বিধায়কক অ’পেন চেলেঞ্জ দিছে বিধায়িকা সুমন হাৰিপ্ৰিয়াই। হাজোৰ উন্নয়ন দেখি হেনো বহুতৰে হিংসা লাগে। বিধায়িকাৰ চেলেঞ্জ- পাৰে যদি হাজোৰ দৰে উন্নয়ন কৰি দেখুৱাওক। বহু বিধিয়কে হেনো এতিয়া কবলৈ লৈছে- সুমনৰ সমষ্টিৰ দৰে মোৰ সমষ্টিত উন্নয়ন কৰিব পৰা হ’লে। মুঠতে সুমনে এইয়া চেলেঞ্জ দিব পাৰে সকলোকে।

Related News