হাজো আৰক্ষীৰ মাৰাথন অভিযান; গাড়ীত সেনাৰ Logo ব্যৱহাৰ কৰি ড্ৰাগছ লৈ ঘূৰি ফুৰিছে সৰবৰাহকাৰী

Drugs trafficing in a car using Army logo

ফটো: নৰ্থইষ্ট নাও।

অসমত তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলাইছে কৌশল।

এইবাৰ সেনাৰ গাড়ীত ড্ৰাগছ!!! আচলতে সেয়া নহয়….. গাড়ীত ভাৰতীয় সেনাৰ Logo ব্যৱহাৰ কৰি চাইৰেণ বজাই আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ লৈ ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰী।

হাজো আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী নাৰায়ণ কলিতা। এখন গাড়ীত  ভাৰতীয় সেনাৰ বাবে ক’ভিড ভেকচিন কঢ়িয়াই নিয়াৰ চলেৰে ড্ৰাগছ সৰবৰাহ কৰিছিল নাৰায়নে।

নাৰায়ণ আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য।

নাৰায়ণক লৈ মহানগৰীৰ বশিষ্ঠৰ নালাপাৰত নাৰায়ণৰ ভাড়াঘৰত আৰক্ষীয়ে তালাচী অভিযান চলায়।

তালাচী অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচা যুক্ত টেবলেট। লগতে হস্ত নিৰ্মিত পিষ্টল, সেনাৰ পোছাক, চুৰি, দুখনকৈ চাৰি চকীয়া বাহনো জব্দ কৰা হৈছে।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধিৰ নেতৃত্বত চলা এই অভিযানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। কৌশল সলনি কৰি কি দৰে ড্ৰাগছৰ সাম্ৰাজ্য গঢ়িছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে সেয়াও পোহৰলৈ আহিছে।

আৰক্ষীৰ সন্দেহ কেৱল অসম নহয় কেইবাখনো চুবুৰীয়া ৰাজ্যত এই ড্ৰাগছ সৰবৰাহকাৰীৰ অবাধ ৰাজত্ব আছে কিয়নো এইজন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত উদ্ধাৰ হৈছে নাগালেণ্ড, মণিপুৰ, মিজোৰামকে ধৰি কেইবাখনো ৰাজ্যৰ গাড়ীৰ নম্বৰ প্লেট।

এনেকৈয়ে এতিয়া চাইৰেণ বজাই সেনাৰ logo লগাই ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰী।