পূৱ গোৱালপাৰা বিধান সভা সমষ্টি : কংগ্ৰেছ-বিজেপিৰ আধা দজনৰো অধিক নেতা দলীয় প্ৰাৰ্থীত্বৰ দৌৰত!

সমষ্টিৰ "ৰজা"ৰ বিৰুদ্ধে কংগ্ৰেছ দলত বিদ্ৰোহ আৰম্ভ

FB_IMG_1611992652437

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

বিশেষকৈ কংগ্ৰেছ দলৰ বিধায়ক এ কে ৰছিদ আলমে বিগত সময় ছোৱাত সমষ্টিৰ উন্নয়ৰ পিনে পিঠি দি নিজকে “পূৱ গোৱালপাৰা”ৰ ৰজা বুলি দাম্ভালি  মাৰি দলটো একানায়ত্বৰাজ চলোৱাৰ অভিযোগ তুলি দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আগন্তুক বিধান সভা নিৰ্বাচনত এজন নিকা ভাৱমূৰ্তি থকা তথা সকলো ৰাইজৰ গ্ৰহণযোগ্য প্ৰাৰ্থীক দলীয় প্ৰাৰ্থীত্ব প্ৰদানত গুৰুত্ব প্ৰদান কৰিছে৷

বিশেষকৈ বিগত পাঁচটা বছৰত বৰ্তমানৰ বিধায়ক এ কে ৰছিদ আলমে উন্নয়নৰ ক্ষেত্ৰত এক প্ৰকাৰ ব্যৰ্থ হৈছে বুলি সাধাৰণ ৰাইজে অভিযোগ কৰিছে৷ আনহাতে বিগত সময়ছোৱাত সমষ্টিৰ বহু অঞ্চলৰ ৰাইজে বিধায়কগৰাকীৰ ছাঁ টোকে নেদেখিলে বুলিও অভিযোগ উত্থাপন উঠি আহিছে৷

শেহতীয়াকৈ গোৱালপাৰা পূৱত  কংগ্ৰেছত এক প্ৰকাৰ ৰাজ বিদ্ৰোহ সূচনা হোৱা পৰিলক্ষিত হৈছে৷ইফালে বিধায়কগৰাকীৰ বিগত সময়ছোৱাৰ ভূমিকাক প্ৰত্যাহ্বান জনাই কেইবাগৰাকী যুৱ নেতাই আগন্তুক নিৰ্বাচনত দলীয় টিকট বিছাৰী সমষ্টিৰ চুকে কোণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷

বিশেষকৈ কংগ্ৰেছৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী তথা অধিবক্তা তথা যুৱ নেতা দেৱান মফিজুৰ ৰহমান (ৰৌফি)য়ে দলীয় টিকট বিছাৰি গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত এক চৰ্চাৰ বিষয় হৈ উঠিছে৷ দেৱান মফিজুৰ ৰহমানে বিগত দিনসমূহত সমষ্টিটোৰ বিভিন্ন কামকাজৰে সাধাৰণ জনতাৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷

সমষ্টিটোত এই বেলি আন কেইবাগৰাকী নৱ প্ৰজন্মৰ নেতাই টিকটৰ দাবীদাৰ হৈছে ইয়াৰে অন্যতম আন এগৰাকী হ’ল মহম্মদ হুছেইন(ছাজু)। মুঠতে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত বিধায়কগৰাকী পুনৰবাৰ দলে টকট প্ৰদান কৰিলে দলটো বিপদত পৰাটো এক প্ৰকাৰ নিশ্চিত বুলি একাংশ তৃণমূল পৰ্যায়ৰ লোকে মতপোষণ কৰিছে৷

জানিব পৰামতে  ইয়াৰ উপৰিও ৰাকেশ চক্ৰৱৰ্তী, ইন্দিৰা মেধি আদিকে ধৰি ভালে কেইজন নেতাই দলীয় টিকট বিছাৰিছে৷

আনহাতে কংগ্ৰেছ, এই আই ইউ ডি এফৰ লগতে সমষ্টি উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে শাসকীয় বিজেপি দলে৷ বিগত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী গৰাকী গৰাকীয়েই তিনি হাজাৰতকৈ কম ভোটৰ ব্যৱধানত পৰিজিত হৈছিল, সেয়ে এইবেলি শাসকীয় দলটোয়ে সমষ্টিটো উদ্ধাৰৰ বাবে মৰণপন যুঁজ দিব৷

বিগত নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী গৌৰাঙ্গ প্ৰসাদ দাসে  দলীয় টিকট দাবী কৰিছে যদিও সমষ্টিত এইবেলি বিজেপিৰ যুৱ নেতা দীপক নাথৰ নাম সৰ্বত্ৰে উচ্চাৰিত হোৱা দেখা গৈছে৷

উল্লেখযোগ্য যে এজন নেতা হিচাবে দীপক নাথৰ সমষ্টিত আছে এক সুকীয়া পৰিচয়। সকলো জাতি জনগোষ্ঠী লোকৰ লগত দীৰ্ঘদিন ধৰি এক সুসম্পৰ্ক গঢ়ি তোলাৰ লগতে সমষ্টিৰ লোকসকলৰ মাজতো গঢ়িছে সম্প্ৰতি এনাজৰি৷

এই দুগৰাকীৰ বাহিৰেও কেইবাগৰাকী নেতাই দলীয় টিকট বিচৰা সমষ্টিৰ চুকেকোণে ঘূৰি ফুৰা দেখা গৈছে৷

ইফালে মমিনুৰ আৱালেও দলীয় নেতা আৰু প্ৰতীক অবিহনে সমষ্টিৰ বিভিন্ন প্ৰান্তত বেনাৰ-পোষ্টাৰ লগাই ফুৰা দেখা গৈছে৷ কথাটো স্পষ্ট হোৱা নাই যদিও ইকাণ সিকাণকৈ খবৰ ওলাইছে মমিনুৰ আৱালেও টিকট বিছাৰিব গোৱালপাৰা পূৱ সমষ্টিত৷

অৱশ্যে তৃণমূল কোনো ভেটি নথকা এনে নেতাৰ প্ৰাৰ্থীত্ব দিলে দলে বিপদত পৰাটো এক প্ৰকাৰ খাটাং বুলি চৰ্চা লাভ কৰিছে সমষ্টিত৷ সাধাৰণ জনতাই ৰাইজৰ কাম কৰিব পৰা মানসিকতাৰ নেতা বিছাৰে সেইফালৰ পৰা যুব নেতা দীপক নাথৰ নাম সমষ্টিত সঘনে উচ্চাৰিত হৈছে৷

মিত্ৰতাৰ সূত্ৰে এআইইউডিএফ দলেও সমষ্টিত প্ৰচাৰ চলাইছে৷এক বিশেষ সূত্ৰে জনোৱা মতে আগন্তুক নিৰ্বাচনত পূৱ গোৱালপাৰাৰ আসনখন এআইইউডিএফ-এ বিচৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই আসন কংগ্ৰেছ দলে এৰি দিয়াৰ কোনো সম্ভাৱনা নাই৷