আবু ধাবিত এছিয়া কাপ ফুটবলত ভাৰতীয় দলৰ হৈ খেলিবলৈ সাজু অসমৰ হলিচৰণ, বিনীত

Halicharan and Vineet

দীৰ্ঘদিনৰে পৰা ভাৰতীয় জাতীয় ফুটবল দলৰ প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় মেচতে অংশগ্ৰহণ কৰি অহা অসমৰ হলিচৰণ নাৰ্জাৰীয়ে পুনৰবাৰ অসমৰ ফুটবল প্ৰেমীলৈ কঢ়িয়াই আনিছে সুখবৰ। হলিচৰণে এইবাৰ কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেচত নহয় তেওঁ এইবাৰ খেলিব সন্মানীয় তথা এছিয়াৰ শক্তিশালী ফুটবল দেশেৰে সমাদৃত সৰ্ববৃহৎ প্ৰতিযোগিতা এছিয়া কাপত।

৫ জানুৱাৰিৰ পৰা আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক এ এফ চি এছিয়া কাপৰ ২৮ জনীয়া ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে হলিচৰণ নাৰ্জাৰী। হলিচৰণৰ উপৰি প্ৰতিযোগিতাখনত অসমৰ আন এগৰাকী খেলুৱৈ বিনীত ৰায়ো নিৰ্বাচিত হৈছে। স্বাভাৱিকতে এই খবৰে উৎফুল্লিত কৰিছে অসমৰ ফুটবল প্ৰেমীক।

উল্লেখযোগ্য যে প্ৰতিভাৱান মিডফিল্ডাৰ হলিচৰণে ভাৰতৰ হৈ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ উমান দি থৈছে। শেহতীয়াকৈ জৰ্ডান আৰু চীনৰ বিপক্ষে খেলা মেচতো হলিচৰণে নিজস্ব শৈলীৰে খেলপথাৰত বিপক্ষক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছিল।

হলিচৰণে আন্তঃৰাষ্ট্ৰীয় মেচসমূহত দেখুৱাই অহা ধাৰাবাহিকতাৰ বাবেই তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন কনষ্টেনটাইনে তেওঁৰ পুনৰ এবাৰ নিৰ্বাচিত কৰিছে।

উল্লেখ্য যে সুদীৰ্ঘ ৮ বছৰৰ মূৰত এছিয়াৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা ভাৰতে এ গ্ৰুপত থাইলেণ্ডৰ বিৰুদ্ধে ছয় জানুৱাৰিত প্ৰথম মেচত অংশগ্ৰহণ কৰিব। তাৰ পিছত ১০ আৰু ১৪ জানুৱাৰিত খেলিব সংযুক্ত আৰব আৰু বাহৰেইনৰ বিৰুদ্ধে।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান দুজনৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।