বিজেপিয়ে প্ৰাক্তন অস্ত্ৰধাৰীক, কংগ্ৰেছে সংসদত শুই কটোৱা লোকক প্ৰাৰ্থিত্ব দিছে : হলিৰাম তেৰাং

“বড়োক কাৰ্বি আংলঙত পাৰ্বত্য জনজাতি দিলে অন্যান্য জনজাতিবোৰেও একেই দাবী কৰিব”

Haliram Terang

হলিৰাম তেৰাং।

স্বায়ত্তশাসিত জিলা সমষ্টিত অট’ন’মাছ ষ্টেইট ডিমাণ্ড কমিটীৰ হৈ প্ৰাৰ্থিত্ব আগ বঢ়োৱা হলিৰাম তেৰাঙে আজি তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দুজনক লৈ সৰৱ হৈ উঠে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰে গঠিত সমষ্টিটোৰ ভোটাৰে দুয়োটা দলৰ প্ৰাৰ্থীকেইজনক কিয় নাকচ কৰিব তাৰ ব্যাখ্যা দাঙি ধৰে নৰ্থ-ইষ্ট নাওৰ আগত।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আঞ্চলিক গণতান্ত্ৰিক মৰ্চা (আৰ ডি এ)ৰ এখন সংবাদমেলৰ সময়ত পাহাৰৰ শক্তিশালী নেতাজনে সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনা নৰ্থ-ইষ্ট নাওৰ আগত আত্মবিশ্বাসেৰে দাঙি ধৰে।

বিজেপিয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পূৰ্বতে অস্ত্ৰধাৰী হৰেন সিং বে’ক। তেওঁ ১৯৯৯ চনত গঠন হোৱা United People’s Democratic Solidarity চমুকৈ য়ু পিডি এছ নামৰ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইপিনে কংগ্ৰেছে সমষ্টিটোত নৱমবাৰলৈ সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচৰা বীৰেনচিং ইংতিক টিকট দিছে। কংগ্ৰেছৰ প্ৰাৰ্থীজনে সংসদত ৩০ বছৰ শুই-বহিয়ে কটোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।

এইবোৰ কাৰণতে সমষ্টিটোত ৰাইজে এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প হিচাপে অন্য এটা দলক বিচাৰিছে বুলি আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্তব্য কৰে উক্ত সমষ্টিৰ পৰা অট’ন’মাছ ষ্টেইট ডিমাণ্ড কমিটীৰ হৈ প্ৰাৰ্থিত্ব আগ বঢ়োৱা হলিৰাম তেৰাঙে।

“কংগ্ৰেছৰ প্ৰাৰ্থীজন অতি পুৰণি আৰু বয়সিয়াল প্ৰাৰ্থী। যোৱা ৩০ বছৰে তেওঁ সংসদত শুয়ে কটালে। বিজেপিৰ প্ৰাৰ্থী হৰেনচিং বে’ য়ু পি ডি এছৰ প্ৰাক্তন নেতা তথা তেওঁ অস্ত্ৰধাৰী আছিল। তেওঁৰ যিখিনি চলন-ফুৰণ বা সংস্কৃতি সেয়া কংগ্ৰেছীৰ সৈতে অমিল নাই। মাজতে আমাৰ দলটো দুৰ্বল হৈ পৰিছিল যদিও এতিয়া দলটো সবল হৈ উঠিছে আৰু বিগত দুবছৰত সমষ্টিৰ বহু সংখ্যক লোক আগ্ৰহী হৈছে। সেয়েহে এ এছ ডি চিক জনসাধাৰণে সমৰ্থন জনাব”, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে তেৰাঙে।

ইপিনে, সন্ত্ৰাসবাদী সংগঠনত থকাৰ সময়ত হৰেনচিং বে’ই বহু গোচৰত অভিযুক্ত হোৱাৰ প্ৰসংগ তুলি তেৰাঙে কয়, “চৰকাৰৰ লগত তেওঁলোকে আলাপ-আলোচনা কৰাৰ পাছত যিহেতু মূল সুঁতিলৈ ঘূৰি আহিল গতিকে বহু গোচৰ থকা সত্ত্বেও সেইবোৰ চৰকাৰে চুক্তিৰ যোগে মাফ কৰি দিছে।”

কাৰ্বি আংলঙত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যদা দিয়াৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন আছেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত এই কথাৰ বিৰোধ কৰে সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীয়ে।

“কাৰ্বি, ডিমাছা, ৰেংমা, তিৱা, মাংতা ইত্যাদি পাৰ্বত্য জনজাতিৰ লোকসকলে বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যদা দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে। তাৰ মূল কাৰণ হৈছে এটা জাতিক দুটা বেলেগ বেলেগ ভাগত বিভক্ত কৰিব নালাগে। বড়োসকল যিহেতু ভৈয়ামৰ গতিকে তেওঁলোক ভৈয়ামৰ জনজাতিয়েই হ’ব লাগে তথা কাৰ্বিসকল যিহেতু পাৰ্বত্য জনজাতি গতিকে তেওঁলোকে সেই মৰ্য্যদাই পাব লাগে”,  তেৰাঙে কয়।

ইয়াৰোপৰি তেওঁ কয় যে বড়োসকল পাৰ্বত্য জনজাতি নোহোৱা বাবে তেওঁলোক সাংসদ নাইবা বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কিন্তু এই দুটা সুবিধাৰ বাহিৰে কাৰ্বি আংলংত থকা বড়োসকলে কিহত অসুবিধা পাইছে? গড় হিচাপে চাবলৈ গ’লে তাত থকা বড়োসকলৰ অৱস্থা কাৰ্বি-ডিমাছাসকলতকৈ বহু গুণে উন্নত। পৰিষদৰ নিৰ্বাচনত এজন বড়ো প্ৰাৰ্থী প্ৰত্যেক বাৰেই জয়ী হয় তথা কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত হয়।

ইপিনে, বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰিলে তাত থকা অন্যান্য, যেনে- মিচিং, দেউৰী ইত্যাদি সকলেও একেই মৰ্য্যদা বিচাৰি প্ৰতিবাদ আৰম্ভ কৰি দিব পাৰে বুলিও তেওঁ আমাৰ আগত কয়।

কাৰ্বি আংলং, ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলংত কেইবা দশক ধৰি স্বায়ত্তশাসিত ৰাজ্যৰ দাবী তুলি অহা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত এই সমস্যা সমাধান নহ’ল। একেদৰে নীতীন গাডকাৰী, ৰাজনাথ সিঙে প্ৰতিশ্ৰুতি দি আহিছিল যদিও বৰ্তমানলৈকে পালন নকৰিলে।”

“এন ডি এ বা বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেওঁলোকে যোৱা ৫-৬ বছৰৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিছিল, তাৰ এটাও পালন নকৰিলে। পালন কৰাটো দূৰৰ কথা, মানুহৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে।” তেৰাঙে কয়।

উল্লেখযোগ্য যে আজি আৰ ডি এৰ সংবাদমেলত এল ডি পিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰদ্যুৎ বৰা, ৰাজ্যিক সভাপতি গুণ গগৈ, আহ্বায়ক হলিৰাম তেৰাঙৰ উপস্থিতিত নৱগঠিত আদিবাসী নেশ্যনেল পাৰ্টীয়ে মৰ্চাটোত যোগদান কৰে। দলটোৱে তেজপুৰ, লখিপুৰ আৰু যোৰহাটত প্ৰাৰ্থিত্ব আগ বঢ়াব বুলি জানিবলৈ দিয়ে কাৰ্য্যকৰী সভাপতি বীৰেন মিৰ্ধাই। তেজপুৰত বিজয় তিৰু, যোৰহাটত নন্দিতা নাগ আৰু লখিমপুৰত প্ৰভুলাল বৈষ্ণৱক টিকট দিয়াৰ সিদ্ধান্ত লৈছে আদিবাসী নেশ্যনেল পাৰ্টীয়ে। ২০১৮ চনৰ ১৯ ডিচেম্বৰত গঠিত হৈছিল আঞ্চলিক দলটো।