যুদ্ধবিৰতি চুক্তি মানি চলি পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছে আৰু তিনিজন বন্দীক মুকলি কৰি দিছে। ইয়াৰ ভিতৰত আছে এজন আমেৰিকান-ইজৰাইলী নাগৰিক। মুকলি হোৱাসকলৰ তালিকাত এজন ফৰাচী-ইজৰাইলী নাগৰিকো আছে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ভাৰতীয় সময় অনুসৰি শনিবাৰে বিয়লি হামাছে তিনিজন কয়দীক মুকলি কৰি দিয়ে। মুকলি কৰি দিয়া তিনিজন কয়দী হৈছে কিথ চেগাল, অফাৰ কেলডেৰন আৰু য়াৰ্ডেন বিভাছ। ইজৰাইল আৰু ফ্ৰান্সত দ্বৈত নাগৰিকত্ব লাভ কৰিছে অফাৰে। আমেৰিকান-ইজৰাইলৰ নাগৰিক কিথকো ১৫ মাহ ধৰি হামাছে বন্দী কৰি ৰাখিছিল।
১৫ মাহৰ পাছত ঘৰলৈ উভতি আহিছে জৰ্ডানো। কিন্তু তেওঁৰ বাবে কোনেও অপেক্ষা কৰি থকা নাই। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে জৰ্ডানৰ দুজন শিশুক বন্দী কৰিছিল। তাৰে এজনৰ বয়স ন মাহ আৰু আনজনৰ বয়স চাৰি বছৰ। য়েৰ্ডেনৰ পত্নী ছিৰিকো পণবন্দী কৰি লোৱা হৈছিল। কিন্তু তেওঁলোকৰ কোনোৱেই এতিয়াও জীয়াই থকা নাই। হামাছে দাবী কৰিছে যে ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন লোক নিহত হৈছে।
উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। সেই ঘটনাত প্ৰায় ১২০০ লোকৰ মৃত্যু হৈছিল। ২৫০ জন লোকক পণবন্দী কৰি লোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছতে ইজৰাইলে গাজাত হামাছৰ বিৰুদ্ধে বিৰোধী সামৰিক অভিযান আৰম্ভ কৰে। মৃত্যু হয় কমেও ৪৭ হাজাৰ পেলেষ্টাইনী। তেতিয়াৰ পৰাই দুয়োপক্ষই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে।
শেহতীয়াকৈ আমেৰিকা, কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাত দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছে। কয়দীৰ আদান-প্ৰদান তিনিটা পৰ্যায়ত হ’ব বুলি সহমতত উপনীত হৈছে। হামাছে প্ৰথম ৰাউণ্ডত মুঠ ৩৩ জন লোকক মুকলি কৰি দিয়াৰ কথা। ইয়াৰ পূৰ্বে তিনিবাৰকৈ কেইবাজনো লোকক মুকলি কৰি দিছে।