NORTHEAST NOW (Assamese)

১৩৫০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে লিখা আলোচনী উন্মোচন শিৱসাগৰত

June 29, 2019 8:59 pm · পার্শ্বজোতি গগৈ
Updated: June 29, 2019 9:00 pm

শিৱসাগৰ নগৰত আজি অনুষ্ঠিত এক ব্যতিক্ৰমী অনুষ্ঠানত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ১৩৫০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে লিখি উলিওৱা ১৩৫০ খন আলোচনী উন্মোচন কৰা হয়। আলোচনীসমূহ উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰিৰ পৰা চৰাইদেউ জিলাৰ নগাপাহাৰৰ সীমালৈকে বিভিন্ন স্থানত থকা ১৩৫০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্ঠাত এই কাৰ্য সম্ভৱ হৈ উঠে।

শিৱসাগৰৰ অ’ এন জি চি কলনিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত অংশ লৈ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে কয়, ‘বৰ্তমান সময়ত আমি বহু ক্ষেত্ৰত পিছ পৰি আছো। কিন্তু আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে যি ব্যতিক্ৰমী প্ৰচেষ্টা হাতত ল’লে সেইয়া অতি আদৰণীয়।’

অনুষ্ঠানত গোস্বামীয়ে ৪০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাক অহা বিধানসভা অধিৱেশন চাবলৈ নিমন্ত্ৰণ জনায়। ইয়াৰ উপৰি তেওঁ আজি উন্মোচিত হোৱা ১৩৫০খন আলোচনীৰ পৰা শীৰ্ষ লিখনি কেইটামান লৈ এখন আলোচনী প্ৰকাশ কৰা হ’ব আৰু উক্ত আলোচনীখন প্ৰকাশৰ সম্পূৰ্ণ খৰচ তেওঁ বহন কৰিব বুলি কয়।

আজিৰ উক্ত অনুষ্ঠানত শিৱসাগৰৰ উপায়ুক্ত এছ লক্ষ্মণন, শিক্ষাবিদ খগেন্দ্ৰনাথ ভঞা, শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকী, শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News