তামুলপুৰত ব্ৰাফ্ৰেডৰ বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, ৭০ লাখতকৈ অধিক টকাৰ বস্ত্ৰ বিক্ৰী

গ্ৰাহকৰ মাজত গছ পুলি বিতৰণেৰে বল্কলৰ পৰিবেশ ৰক্ষাৰ অভিনৱ প্ৰয়াস

বস্ত্ৰমেলাৰ এক দৃশ্য

ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ উন্নয়ন আয়ুক্তৰ সৌজন্যত আৰু ব্ৰাফ্ৰেডৰ উদ্যোগত তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত  ২৫ অক্টোবৰৰ পৰা ১৪ দিনীয়া কাৰ্য্যসূচীৰে বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলা অনুষ্ঠিত হৈছে।

হস্ততাঁত আৰু বস্ত্ৰমেলাত বিগত কেইদিনত যথেষ্ট সংখ্যক লোকে বিভিন্ন সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে।

তামুলপুৰত অনুষ্ঠিত বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাত হাৰিয়ানা, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰৰ উপৰিও অসমৰ কেইবাখনো জিলাৰ লগতে বিটিএডিৰ চাৰিখন জিলাৰ মুঠ ৪০ খন বপণীয়ে অংশ লয়।

আনহাতে, হস্ততাঁত আৰু বস্ত্ৰমেলাত অসম তথা উত্তৰ-পূবৰ শিপিনী সকলে হাতেৰে বোৱা বস্ত্ৰ আৰু বিভিন্ন ঘৰুৱা কামত ব্যৱহৃত সামগ্ৰী বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে।

তদুপৰি, হাৰিয়ানা, কাশ্মীৰ, পাঞ্জাৱ, কাশ্মীৰ আদি ৰাজ্যৰ থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত বিশেষ বিশেষ বস্ত্ৰ সমূহ বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

বিপণী সমূহে তামূলপুৰীয়া ৰাইজৰ উপৰিও বাক্সা জিলাৰ ভিন্ন প্ৰান্তৰ গ্ৰাহক ৰাইজৰ পৰা বিশেষ সঁহাৰি পোৱা বুলি ব্ৰাফেডৰ কাৰিকৰী প্ৰশিক্ষক মৃদুল বৈশ্যই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বিগত বাৰটা দিনত সত্তৰ লাখতকৈ অধিক মূল্যৰ সামগ্ৰী বিক্ৰী হোৱা বুলি মৃদুল বৈশ্যই প্ৰকাশ কৰে।

ব্ৰাফেডৰ দ্বাৰা আয়োজিত বিশেষ হস্ততাঁত আৰু বস্ত্ৰমেলাৰ লগত সংগতি প্ৰতিদিনে বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হৈছে।

অনুষ্ঠানত আমন্ত্ৰিত শিল্পীয়ে সংগীত পৰিবেশ কৰাৰ উপৰিও স্থানীয় শিল্পী সকলে নৃত্য, গীত পৰিবেশন কৰি হস্ততাঁত বস্ত্ৰমেলাক অনন্য মাত্ৰা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, অনলাইন বস্ত্ৰ বিক্ৰেতা বল্কলৰ বিপণীখনে অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত চাদৰ-মেখেলা, শাৰী, এৰি চাদৰ, গামোচা, আৰণাই, দখনা আদি যথেষ্ট পৰিমাণে বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে।

বল্কলৰ বিপণীখনে   ‘ক্লীন দ্যা ৱৰ্ল্ড, গ্ৰীণ দ্যা ৱৰ্ল্ড’ক মূল হিচাপে লৈ প্ৰতি গৰাকী গ্ৰাহকৰ হাতত একোডালকৈ মূল্যবান গছৰ পুলি উপহাৰ হিচাপে তুলি দি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও প্ৰকৃতিপ্ৰেমীক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

১৪ দিনীয়া বস্ত্ৰ মেলাখন ৭ নৱেম্বৰত সামৰণি পৰিব আৰু সামৰণি লৈকে এক কোটিত কৈ অধিক টকাৰ বস্ত্ৰ বিক্ৰী হব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে।