এবছৰীয়া বয়ন প্ৰশিক্ষণ গ্ৰহণৰ বাবে অবিবাহিত যুৱক-যুৱতীৰ পৰা আবেদন পত্ৰ আহ্বান

handloom

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ৰ অন্তর্গত ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাত অৱস্থিত ১০২টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ নিৰ্ধাৰিত আসনত এবছৰীয়া বয়ন প্ৰশিক্ষণ গ্ৰহণৰ বাবে অৰ্হতাসম্পন্ন অবিবাহিত যুৱক-যুৱতীৰ পৰা ২০১৯-২০ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে আবেদনপত্ৰ আহ্বান কৰা হৈছে।

এই পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্ৰাৰ্থীজন ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লগতে তেওঁৰ বয়স ১ জানুৱাৰি, ২০১৯ অনুসৰি ১৫ বছৰৰ কম আৰু ২৫ বছৰৰ বেছি হ’ব নালাগিব। অনুসূচিত জাতি-জনজাতি, ভৈয়াম জনজাতি বসতিপূৰ্ণ অঞ্চল সমূহত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰ সমূহত এই প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।

ইচ্ছুক প্ৰাৰ্থীসকলে নিজ নিজ জিলা বা মহকুমাত অৱস্থিত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি আৱশ্যকীয় প্ৰমাণ পত্ৰসহ অহা ৩১ জানুৱাৰিৰ ভিতৰত উক্ত প্ৰশিক্ষণ কেন্দ্ৰত জমা দিব লাগিব। উল্লেখ্য যে ৩১ জানুৱাৰিৰ পিছত কোনো আবেদন পত্ৰ গ্ৰহণ কৰা নহয় বুলি জানিবলৈ দিয়ে।

প্ৰাৰ্থীসকলে সংশ্লিষ্ট হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাৰ্থী নিৰ্বাচন সমিতিয়ে নিৰ্ধাৰিত দিনত ধার্য কৰা সাক্ষাৎকাৰত উপস্থিত হ’ব লাগিব। ইয়াৰ বাবদ কোনো ভ্ৰমণ বানচ দিয়া নহ’ব।

ইফালে এই সংক্ৰান্তত অধিক তথ্যৰ বাবে জিলা আৰু মহকুমা সদৰত অৱস্থিত হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ সহকাৰী সঞ্চালক বা অধীক্ষকৰ কাৰ্যালয়ত নাইবা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰসমূহত যোগাযোগ কৰিব পাৰে।