• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘হৰ ঘৰ ত্ৰিৰঙ্গা’ আৰু খাদী গ্ৰামোদ্যোগৰ উন্নয়নৰ প্ৰশ্ন

পাৰভিন চুলতানা by পাৰভিন চুলতানা
August 3, 2022 2:06 pm
Har Ghar Tiranga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনৰ শোষণ অন্ত পেলাই পোৱা স্বাধীনতা অমূল্য আৰু এই স্বাধীনতাকলৈ প্ৰত্যেকজন ভাৰতীয় গৰ্বিত। আৰু দেশৰ প্ৰতি থকা এই ভালপোৱা, আনুগত্যৰ প্ৰমাণ দেশবাসীয়ে প্ৰত্যেক গণৰাজ্য আৰু স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰি দি আহিছে। আমি সৰুৰে পৰা এই দুয়োটা দিৱসৰ দিনটোত আমাৰ ওচৰে পাজৰে থকা সকলো ঘৰ, কাৰ্যালয়, মন্দিৰ, মছজিদ, দোকানত আমাৰ সন্মানৰ জাতীয় পতাকা উত্তোলিত হোৱা দেখা পাওঁ। এয়া মানুহবোৰে স্ব-ইচ্ছাই স্বতন্ত্ৰভাৱে দেশমাতৃক দেখুওৱা মৰম আৰু সন্মান।

পিছে এইবাৰ স্বাধীনতাৰ ৭৫তম দিৱস উপলক্ষে চৰকাৰে যোৱা ২২ জুলাইত আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে যে প্ৰত্যেক বছৰৰ দৰে কেৱল এদিন নহয়, এইবাৰ তিনিদিনলৈ পতাকা উত্তোলিত হব। আনকি Flag Code of India, 2002 জৰিয়তে ৰাতিৰ সময়তো পতাকা উত্তলিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। লগতে প্ৰায় ২০ কোটি ঘৰত এই পতাকা উত্তোলিত হ’ব।

শুনিবলৈ ভাল লগা এই চৰকাৰী সিদ্ধান্তই পিছে কিছু আসোঁৱাহৰ সন্মুখীন হৈছে। ইমান কম সময়ৰ ভিতৰত ২০ কোটি খাদীৰ পতাকা পোৱাটো এক প্ৰকাৰ অসম্ভৱ। ইয়াৰ বাবে চৰকাৰে খাদীৰ লগতে পলীয়েষ্টাৰ বা আন মেচিনত তৈয়াৰ সূতাৰে বনোৱা পতাকা উত্তোলন কৰাৰো অনুমতি দিছে। চৰকাৰৰ এই সিদ্ধান্তক বহুতে বিশেষকৈ খাদী উৎপাদনৰ লগত জড়িতসকলে সমালোচনা কৰিছে।

পোন প্ৰথমতে, খাদী কেৱল এটা সূতা বা কাপোৰ নহয়, ব্ৰিটিছ সকলৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ এটি শক্তিশালী প্ৰতিবাদ আছিল। খাদী সূতা তৈয়াৰৰ জৰিয়তে ভাৰতীয়সকলে স্বাৱলম্বিতা আৰু স্বাধীনতাৰ সপোন দেখিছিল, বিশেষকৈ যেতিয়া ব্ৰিটিছে মাঞ্চেষ্টাৰৰ মিলৰ কাপোৰ ভাৰতীয়সকলৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছিল। খাদীৰে তৈয়াৰ জাতীয় পতাকা এই প্ৰতিবাদৰ প্ৰতীক বুলি ক’লে ভুল নহ’ব।

দ্বিতীয়তে কৰোণা মহামাৰী আৰু লকডাউনে ভাৰতবৰ্ষৰ তাঁতশিল্প আৰু হস্তশিল্পৰ যথেষ্ট ক্ষতি সাধন কৰিছে। খাদী উদ্যোগো ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। এই উদ্যোগৰ লগত জড়িত সকলে আশা কৰিছিল যে চৰকাৰৰ এই নিৰ্দেশৰ পিছত এই গ্ৰামোদ্যোগে মানুহৰ সহায় আৰু সমৰ্থন লাভ কৰিব। কিন্তু চৰকাৰে পতাকা তৈয়াৰৰ লগত জড়িত নিয়মবোৰ পৰিবৰ্তন কৰাৰ ফলত এওঁলোকে আশানুৰূপ পতাকা তৈয়াৰ কৰাৰ অৰ্ডাৰ নাপালে।

তৃতীয়তে এই উদ্যোগত জড়িত সৰহ সংখ্যক হস্তশিল্পী হ’ল মহিলা। খাদী গ্ৰামোদ্যোগৰ অৱনতি হলে স্বাৱলম্বিতাৰ বাবে মহিলাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু দুই খোঁজ পিছুৱাই যাব। লগতে আন এটা ডাঙৰ সমস্যা হ’ব নষ্ট হৈ যোৱা পতাকাবোৰক লৈ। জাতীয় পতাকা নষ্ট হ’লে সেই নষ্ট পতাকাবোৰৰ ব্যৱস্থাৰ বাবেও আইন আছে। পতাকা উত্তোলন কৰা হয় Prevention of Insults to National Honour Act, 1971 ৰ অধীনত। আৰু এই আইন মতে নষ্ট হৈ যোৱা পতাকাবোৰ ব্যক্তিগত ভাৱে উচিত সন্মান সহকাৰে জ্বলাই দিব লাগে। পিছে বিশ কোটি পতাকাৰ এটা সৰু অংশ যদি নষ্ট হয় তেন্তে সেইবোৰ জ্বলালে যথেষ্ট প্ৰদূষণৰ সৃষ্টি হব। লগতে পলীয়েষ্টাৰ জ্বলালে বহুত বেছি প্ৰদূষণ হোৱাৰ সম্ভাৱনাও আছে।

স্বাধীনতা দিৱসৰ দিনাখন সৰহ সংখ্যক মানুহে পতাকা উত্তোলন কৰে, পিছে কোনো বাধ্যবাধকতাৰ অধীনত নহয়। কিন্তু কাশ্মীৰৰ বিভিন্ন ঠাইৰ পৰা অভিযোগ উত্থাপিত হৈছে যে তাৰে ছাত্ৰ ছাত্ৰী, শিক্ষক, দোকানীক এই অনুষ্ঠানৰ বাবে বাধ্যতামূলক ভাৱে ২০ টকা বৰঙণি আগবঢ়াব লাগিব। এনে এক ভিডিও প্ৰচাৰ হৈছে য’ত দোকানীবোৰক সকীয়নি দিয়া হৈছে যে বৰঙণি নিদিলে তেওঁলোকৰ লাইচেঞ্চ বাতিল কৰা হ’ব। পিছত জম্মু প্ৰশাসনে এই নিৰ্দেশ বাতিল কৰে।

বৰ্তমানৰ চৰকাৰে বিভিন্ন অনুষ্ঠান ইত্যাদিৰ ব্যৱস্থা নিয়মীয়াকৈ কৰে। আৰু তাৰ পিছত প্ৰশাসন সেই অনুষ্ঠানবোৰক সফল কৰাত ব্যস্ত হৈ পৰে। কিন্তু কোনো অনুষ্ঠানৰ পৰা সাধাৰণ মানুহ কিমানখিনি লাভান্বিত হয় সেই প্ৰশ্ন উত্থাপন কৰাৰ সাহস মানুহৰ নাইকীয়া হৈ গৈছে।

চৰকাৰৰ এই নীতিয়ে খাদী উদ্যোগক টনকিয়াল কৰি তোলাৰ এটি সুবৰ্ণ সুযোগ প্ৰস্তুত কৰিছিল। কিন্তু চৰকাৰে পলীয়েষ্টাৰ পতাকা বনাবলৈ অনুমতি দিয়াৰ লগে লগে খাদীৰ পতাকাৰ চাহিদা কমি গৈছে। প্ৰায় ৩০০ টকাৰ খাদীৰ পতাকাৰ ঠাইত মাত্ৰ ৩০ বা ৪০ টকাত পোৱা পলীয়েষ্টাৰৰ পতাকাই সাধাৰণ মানুহে বাচি লোৱাটো স্বাভাৱিক।

স্বাধীনতা দিৱসত সকলোৱে অংশগ্ৰহন কৰা উচিত। পিছে এই অংশগ্ৰহণ কোনো বাধ্যতামূলক নিৰ্দেশ পুৰণৰ বাবে নহৈ সঁচাকৈয়ে স্বাধীনতাৰ মূল্যক অনুধাৱন কৰিবলৈ হে হোৱা উচিত। লগতে চৰকাৰৰ নীতিৰ এটি দীৰ্ঘকালীন প্ৰভাৱ থকা উচিত। এই অনুষ্ঠানৰ পিছত আকৌ Flag Code পৰিবৰ্তন কৰা হব নে? সাম্প্ৰতিক সময়ত একেবাৰে সৰু সুৰা অপৰাধতো মানুহ ৰঙাঘৰ যাব লগা হৈছে। কোনো প্ৰমাণ অবিহনে দীৰ্ঘদিন জেলত থাকিব লগা হৈছে- যেন প্ৰক্ৰিয়াই শাস্তিত পৰিণত হৈছে। তেনে ক্ষেত্ৰত এই আইনৰ গইনা লৈও যে কিছু মানুহক হাৰাশাস্তি কৰা নহ’ব, সেয়া জোৰ দি কব নোৱাৰি।

শেষত স্বাধীনতাৰ বাবে আমাৰ দেশৰ আগশাৰীৰ নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ ভাৰতীয়ই দিয়া ত্যাগৰ কথা সুঁৱৰি তেওঁলোকৰ সপোনৰ ভাৰত গঢ়াৰ বাবে দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰি, দেশক সাম্প্ৰদায়িক ভাৱে বিভাজিত কৰাৰ চেষ্টা কৰি থকা অপশক্তিক প্ৰতিহত কৰিলেহে সঁচা অৰ্থত স্বাধীনতা দিৱস পালিত হব।

পাৰভিন চুলতানা

পাৰভিন চুলতানা

প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd