কন্যা সন্তান জন্ম দিয়াৰ বাবেই নিৰ্যাতন; তিনি মহীয়া কন্যা সন্তানক পানীৰ টেংকীত পেলাই হত্যা নিজ মাতৃৰ

Harassed over giving birth to girl

দেশত মহিলাক ‘দেৱী’ৰ সৈতে তুলনা কৰা হয় যদিও প্ৰকৃতাৰ্থত ভাৰতীয় সমাজ নাৰী বিদ্বেষী। এতিয়াও ভাৰতীয় সমাজত কন্যা সন্তানৰ জন্ম হোৱাটোক যেন অপৰাধ হিচাপে গণ্য কৰা হয়। সময়ে সময়ে এই কথা প্ৰমাণিত হৈ আহিছে।

কন্যা সন্তান জন্ম দিয়াৰ বাবেই বহু সময়ত পৰিয়ালৰ নিৰ্যাতনৰ সন্মুখীন হয় মাতৃগৰাকী। তেনে এক ঘটনাই পুনৰ পোহৰলৈ আহিছে। কন্যা সন্তান জন্ম দিয়াৰ বাবেই পৰিয়ালৰ নিৰ্যাতনৰ সন্মুখীন হৈ নিজ কন্যাক হত্যা কৰিছে এগৰাকী মাতৃয়ে।

মধ্য প্ৰদেশৰ কালাচৌকীত সংঘটিত হৈছে এই নিৰ্দয় ঘটনা। এগৰাকী ছোৱালী জন্ম দিয়াৰ বাবে শহুৰেকৰ ধাৰাবাহিক নিৰ্যাতনৰ সন্মুখীন হৈ এগৰাকী মহিলাই তেওঁৰ তিনি মহীয়া কন্যাক ঘৰৰ পানীৰ টেংকত পেলাই হত্যা কৰিছে।

আৰক্ষীৰ ওচৰত মহিলা গৰাকীয়ে পোন প্ৰথমে তেওঁৰ সন্তানটি এগৰাকী মহিলাই অপহৰণ কৰিছে বুলি অভিযোগ কৰিছিল। মাতৃৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্ত মহিলাগৰাকীৰ এখন স্কেচ অংকনৰ বাবে মহিলাগৰাকীৰ সহায় খোজে।

কিন্তু অধিক তদন্ত আৰু জেৰাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকী ২০১১ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০১৩ চনত তেওঁৰ এজনী কন্যা সন্তান জন্ম হৈছিল। যেতিয়া মহিলাগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰিছিল, তেওঁৰ শহুৰেকে শিশুটোৰ লিংগ নিৰ্ধাৰণ কৰি গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল।

ইয়াৰ পিছতো মহিলাগৰাকীক তিনিবাৰ গৰ্ভপাত কৰাবলৈ বাধ্য কৰা হৈছিল। যোৱা আগষ্টত মহিলাগৰাকীয়ে পুনৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে।

ইয়াৰ পিছতে মহিলাগৰাকীক পৰিয়ালে দৈনন্দিন নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে আৰু এনে নিৰ্যাতনৰ আতিশয্যৰ ফলতে মহিলাগৰাকীয়ে কন্যা শিশুটিক পানীৰ টেংকীত পেলাই হত্যা কৰিবলৈ বাধ্য হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।