কালি আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰে বিচিচিআয়ে। তিনিগৰাকী পৃথক অধিনায়কৰ নেতৃত্বত তিনিওটা ফৰ্মেটৰ শৃংখলাৰ বাবে বিচিচিআয়ে দল ঘোষণা কৰে।
দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকাৰ পিছত এই ভ্ৰমণতে প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে। কালি ঘোষিত এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকাগৰাকীক।
মূলত: চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত চাহালে প্ৰটিয়াছ বাহিনীৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাটোৰ বাবে দলত স্থান লাভ কৰে।
চাহালৰ এই প্ৰত্যাৱৰ্তনে ক্ৰিকেট প্ৰেমীক সন্তুষ্ট কৰিছে। কিন্তু দেশৰ প্ৰাক্তন তাৰকা স্পিনাৰ হৰভজন সিঙে একেসময়তে প্ৰকাশ কৰিছে ক্ষোভ। হৰভজন সিঙৰ মন্তব্য, নিৰ্বাচকসকলে চাহালক দিছে ললীপপ!
মূলত: টি-২০ শৃংখলাৰ বাবে দলৰ পৰা চাহালক বাদ দিয়াৰ বাবেই এইদৰে ক্ষোভ প্ৰকাশ কৰিছে হৰভজনে। প্ৰাক্তন খেলুৱৈগৰাকীৰ প্ৰতিক্ৰিয়া, এদিনীয়া দলত থকা চাহাল টি-২০ত কিয় নাই!
এই প্ৰসঙ্গতে তেওঁ কয়, “নিৰ্বাচকে মাত্ৰ ললিপপহে দিছে চাহালক। যি ফৰ্মেটত ভাল প্ৰদৰ্শন কৰি আছে, তাতে তেওঁক দলত লোৱা নাই আৰু লৈছে আন ফৰ্মেটত! এয়া মোৰ বুজিব পৰাৰ বাহিৰত।”
চাহালৰ উপৰিও হৰভজনে টেষ্টৰ বিশেষজ্ঞ তাৰকা চেতেশ্বৰ পূজাৰা, আজিংক্যা ৰাহানে আৰু উমেশ যাদৱক টেষ্ট দলৰ পৰা বাদ দিয়াৰ সন্দৰ্ভতো আশ্চৰ্য প্ৰকাশ কৰে।
তিনিওকে টেষ্ট দলৰ পৰা বাদ দিয়াৰ কাৰণ নিৰ্বাচকে স্পষ্ট কৰিব লাগে বুলি হৰভজনে নিজৰ ইউটিউব চেনেলত এক ভিডিঅ’ত কয়। হৰভজনৰ মতে দক্ষিণ আফ্ৰিকা ভ্ৰমণ সহজ নহয় আৰু বেটছমেনৰ বাবে এয়া কঠিন।
কিন্ত কালি ঘোষিত দল অনুসৰি দক্ষিণ আফ্ৰিকা টেষ্টত চেতেশ্বৰ পূজাৰা আৰু আজিংক্যা ৰাহানে নাথাকিব, এই লৈ আচৰিত হৈছে হৰভজন সিং। তেওঁ কয়, যুৱ খেলুৱৈসকলে সুযোগ পাইছে, ই সঁচাকৈয়ে ভাল কথা।
কিন্তু নিৰ্বাচকসকলে দল ঘোষণাৰ আগত ৰাহানে, পূজাৰা বা উমেশ যাদৱ সৈতে যে আলোচনা কৰিছে, সেই ক্ষেত্ৰত হৰভজনে সন্দেহ প্ৰকাশ কৰে আৰু যেতিয়াই যাদৱে সুযোগ পাইছে, তেতিয়াই ভাল প্ৰদৰ্শন কৰিছে বুলি সোঁৱৰাই দিয়ে।
লগতে তেওঁলোকৰ সৈতে আলোচনা কৰি কিয় তেওঁলোকক দলত স্থান দিয়া নহ’ল আৰু তেওঁলোকৰ কেৰিয়াৰৰ সম্ভাৱ্য পথ কি হ’ব সেয়া স্পষ্ট কৰি দিয়া ভাল বুলি প্ৰাক্তন তাৰকাগৰাকীয়ে মত প্ৰকাশ কৰে।