NORTHEAST NOW (Assamese)

চিৰাঙত এন ডি এফ বি (এচ)ৰ ‘দুৰ্ধৰ্ষ সদস্য’ গ্ৰেপ্তাৰ

September 19, 2018 7:00 pm · ৰিনয় বসুমতাৰী
ধৃত এন ডি এফ বি (এচ) ‘সদস্য’। ছবি- নৰ্থ ইষ্ট নাও।

এন ডি এফ বি (এচ)ৰ পহিত নাৰ্জাৰি নামৰ ‘এজন দুৰ্ধৰ্ষ সদস্য’ক চিৰাং হাবিৰ ভূৰ নৈৰ সমীপত গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনা আৰু চিৰাং আৰক্ষীয়ে।

সেনা-আৰক্ষী সূত্ৰই দাবী কৰা মতে তহলদাৰী দলটো দেখি পলায়নৰ চেষ্টা কৰা নাৰ্জাৰিক তেওঁলোকে খেদি খেদি ভূৰ নৈৰ সমীপত মঙলবাৰে আটক কৰে।

নাৰ্জাৰিৰ হাতৰ পৰা এটা পিস্তল আৰু ৪জাঁই গুলী জব্দ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই দাবী কৰিছে।

অধিক তথ্যৰ বাবে নাৰ্জাৰিক চিৰাং আৰক্ষীয়ে চলোৱা জেৰাত তেওঁ এন ডি এফ বি (এচ) বিদ্ৰোহী বাথাক সহায় কৰিছিল বুলি স্বীকাৰোক্তি দিয়া বুলি আৰক্ষীয়ে দাবী কৰিছে।

Related News