‘ফটো যুঁজ’ ! মোদীৰ বিমানযাত্ৰাৰ ফটোৰ প্ৰত্যুতৰ ফটোৰে দিলে কংগ্ৰেছে

"Harder To Copy": Congress Shares Manmohan Singh's Photos

দীৰ্ঘদিনৰ অন্তত বিদেশ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মাজতে যোৱা মাৰ্চ মাহত চুবুৰীয়া বাংলাদেশ ভ্ৰমণ কৰিছিল মোদীয়ে । কিন্তু কৰ’ণা মহামাৰীৰ বাবে কোনো দূৰ দেশলৈ ভ্ৰমণ কৰাৰ পৰা বিৰত আছিল মোদী।

২০১৯ চনৰ নৱেম্বৰত ব্ৰাজিল যাত্ৰাৰ পাছত কোনো দূৰ দেশত ভৰি থব পৰা নাছিল তেওঁ। অৱশেষত বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিলে মোদীয়ে। তেওঁৰ এইটো দ্বিতীয়টো আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ।

যাত্ৰাকালত বিমানৰ মাজতে মোদীয়ে সামাজিক মাধ্যমযোগে এখন ফটো প’ষ্ট কৰে।

ফটোখনত দেখা পোৱা গৈছে যে বিমানযাত্ৰাৰ সময়তো তেওঁ অফিচিয়েল কাম-কাজত ব্যষ্ট হৈ আছে। কেপচন হিচাপে ফটোখনৰ তলত লিখা হৈছে যে এটা দীঘলিয়া বিমানযাত্ৰা মানে নিজৰ কামত ব্যষ্ট হৈ থাকিবলৈ পোৱা সুযোগকো বুজায়।

ফটোখন সামাজিক মাধ্যমত প’ষ্ট কৰাৰ পাছতে বিজেপিৰ নেতাসকলে অতি উৎসাহেৰে শ্বেয়াৰ কৰে।
আনকি বিজেপি নেতা কপিল মিশ্ৰই নিজৰ টুইটাৰ প’ষ্টত মোদীৰ ফটোখনৰ স’তে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এখনি ফটোও ব্যৱহাৰ কৰে। ফটোখনত দেখা গৈছে যে মোদীৰ দৰেই শাস্ত্ৰীয়েও এটা বিমানযাত্ৰাত কৰ্মৰত অৱস্থাত আছে। ইয়াৰ দ্বাৰা মিশ্ৰই দুয়োৰে কৰ্মস্পৃহাক প্ৰশংসা কৰিছে।

আনহাতে, মোদীৰ এই ফটোখনৰ প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছেও সামাজিক মাধ্যমত সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।

বৃহস্পতিবাৰে কংগ্ৰেছী কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কেইবাখনো ফটো সামাজিক মাধ্যমত প’ষ্ট কৰিছে।

ফটোকেইখনত দেখা পোৱা গৈছে যে মনমোহন সিঙে বিমানযাত্ৰাৰ মাজতে সাংবাদিক মেলত অংশগ্ৰহণ কৰিছে। ফটোসমূহ প’ষ্ট কৰি কংগ্ৰেছ কৰ্মীসকলে লিখিছে যে কিছু ফটোগ্ৰাফ নকল কৰিবলৈ কঠিন। ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীকে উপহাস কৰিছে।

উল্লেখযোগ্য যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে সাংবাদিক মেলৰ পৰা আঁতৰি আছে।

২০১৯ চনৰ ১৭ মে’ত এখন সাংবাদিক মেলত অংশগ্ৰহণ কৰাৰ বাদে মোদীয়ে এইসমূহৰ পৰা আঁতৰি আছে।

এখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সাংবাদিকৰ পৰা আঁতৰি থকাটোৱে মাজে-সময়ে বিতৰ্কৰো সৃষ্টি কৰিছে। সেয়ে আমেৰিকা অভিমুখী বিমানত মোদীয়ে তোলা ফটোৰ প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছে প’ষ্ট কৰা মনমোহন সিঙৰ ফটোকেইখনৰ যথেষ্ট গুৰুত্ব আছে বুলি ক’ব পাৰি।