NORTHEAST NOW (Assamese)

আতিথ্যত অসন্তুষ্ট! ক্ষোভিত পাণ্ডিয়াই কেৰিবিয়ান ব’ৰ্ডলৈ দিলে পৰামৰ্শ

August 2, 2023 8:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 2, 2023 8:28 pm

চলিত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ইতিমধ্যে টেষ্ট আৰু এদিনীয়া শৃংখলা হস্তগত কৰিছে ভ্ৰমণকাৰী ভাৰতে। এদিনীয়া শৃংখলাৰ অন্তিম দুখন মেচত ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলৰ ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্ব বহন কৰে হাৰ্দিক পাণ্ডিয়াই।

পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে প্ৰথমখনত পৰাস্ত হ’লেও দ্বিতীয়খনত বৃহৎ ব্যৱধানত জয়লাভ কৰে। শৃংখলা জয়ৰ পিছতে পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ সময়ত অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ মুখত শুনা গ’ল কেৰিবিয়ান ক্ৰিকেট ব’ৰ্ডৰ বিপক্ষে ক্ষোভ।

ভাৰতীয় ক্ৰিকেটাৰসকলৰ মৌলিক প্ৰয়োজনীয়তাও পৰিচালনা কৰিব নোৱাৰাৰ বাবে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডক সমালোচনা কৰে পাণ্ডিয়াই।

ভাৰতীয় দলে বিলাসীতা নিবিচাৰিলেও পিছৰবাৰ কেৰিবিয়ান দল ভ্ৰমণ কৰাৰ সময়ত মূল প্ৰয়োজনীয়তাসমূহৰ প্ৰতি কেৰিবিয়ান ব’ৰ্ডে গুৰুত্ব দিব বুলি পাণ্ডিয়াই আশা প্ৰকাশ কৰে।

অনুষ্ঠানত পাণ্ডিয়াই কয়, “আমি খেলা আটাইতকৈ ধুনীয়া খেলপথাৰবোৰৰ ভিতৰত এইখন অন্যতম। পিছৰবাৰ আমাৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণত সা-সুবিধাসমূহ ভাল কৰিব পাৰে।”

“পৰিবহণৰ লগতে আন সেৱাসমূহৰ প্ৰতি ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে লক্ষ্য কৰিব পাৰিব বুলি আশা কৰিছো, যাতে কোনো অসুবিধা নাথাকে। আমি কোনো বিলাসীতা বিচৰা নাই, কিন্তু আমাৰ কিছুমান মৌলিক প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ প্ৰয়োজন।”– পাণ্ডিয়াই লগতে কয়।

উল্লেখ্য যে, এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূর্বে মাজনিশাৰ বিমানেৰে গন্তব্য স্থানত উপস্থিত হ’বলগীয়া হৈছিল ভাৰতীয় দল৷ এই বিষয়ে ক্ৰিকেটাৰসকলে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডতো অভিযোগ কৰিছিল।

Related News