আফগানিস্তানৰ তালিবান শাসিত নতুন চৰকাৰৰ নেতৃত্বত ব্লেক লিষ্টেড সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দ

talibanpm

ধুমুহাৰ গতিৰে সমগ্ৰ আফগানিস্তান খনকে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্ষম হোৱা তালিবানে দেশ খনক ইছলামিক গণৰাজ্য হিচাবে ঘোষণা কৰাৰ লগতে এখন অন্তৰ্ৱতীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে।

তালিবানৰ এই নতুন চৰকাৰ খনত কোনো এগৰাকী মহিলাকেই স্থান দিয়া হোৱা নাই।

তাৎপৰ্যপূণ ভাবে উক্ত চৰকাৰৰ মুৰববীৰ দায়িত্ব অৰ্পন কৰা হৈছে ৰাষ্ট্ৰসংঘই ব্লেক লিষ্টেড কৰি থোৱা সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দক।কেৱল সেয়াই নহয়।

অন্তৰ্ৱতীকালীন চৰকাৰ আভ্যন্তৰীণ দপ্তৰৰ মন্ত্ৰী হিচাবে নিযুক্তি দিয়া হৈছে এফবিআই-এ মষ্ট ৱাণ্টেড ঘোষণা কৰা হাক্কানী গ্ৰুপৰ নেতা ছিৰাজুদ্দিন হাক্কানীক।

অন্তৰ্ৱতীকালীন চৰকাৰৰ কেবিনেটে আফগানিস্তানত এখন পূৰ্ণাংগ আৰু স্থায়ী চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি তালিবানে প্ৰকাশ কৰিছে।

ইপিনে তালিবানে গঠন কৰি দিয়া অন্তৰ্ৱতীকালীন চৰকাৰ খনত কেইবাজনো মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী অন্তৰ্ভূক্ত হোৱাৰ বিষয়টোৱে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজনৈতিক বিশেষজ্ঞ মহলে প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ খনে কেইবাটাও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

বিশেষকৈ যুদ্ধ বিধ্বস্ত দেশ খনৰ ভাগি পৰা অৰ্থনীতি তালিবানৰ চৰকাৰ খনে কিদৰে পুনৰুজ্জীৱিত কৰে সেয়া লক্ষ্যণীয় হৈ পৰিব।

শেহতীয়াকৈ সন্তাসবাদী আকন্দে ইংৰাজী ভাষাত প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই বুলি কৈছে যে তালিবানৰ চৰকাৰে আফগানিস্তানৰ চুবুৰীয়া দেশ সমূহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে।

উল্লেখ্য আজিলৈকে আকন্দে কোনো দিনে ৰাজহুৱাভাবে দৰ্শন দিয়া নাই। এয়াই তেওঁৰ প্ৰথন বিজ্ঞপ্তি।

ইপিনে আফগানিস্তানৰ নেছনেল ৰেজিষ্টেণ্ট ফ্ৰণ্টে তালিবানৰ অন্তৰ্ৱতীকালীন চৰকাৰ খনক অবৈধ আখ্যা দিছে।