Harley-Davidson-য়ে ভাৰতীয় বজাৰত অতি সোনকালেই আনিব বুলেটৰ প্ৰতিযোগী দুচকীয়া বাহন: ক’ত, কেনেকৈ ল’ব পাৰিব চাওঁক

bike

Harley-davidson ৰ নতুন ৩৩৮ চিচিৰ মটৰচাইকেলৰ আৰ্হি।

Harley-Davidson এ চীনৰ নিৰ্মাণ কোম্পানী এটাৰ সৈতে ৩৩৮ চি চিৰ মটৰচাইকেল এখন ২০২০ চনৰ ভিতৰত চীনৰ পৰা আৰম্ভ কৰি এছিয়াৰ বজাৰত মুকলি কৰি দিয়াৰ বাবে চুক্তিবদ্ধ হৈছে। কোম্পানীটোৱে কিউয়ানজিয়াং মটৰচাইকেল কোম্পানী লিমিটেডৰ সৈতে ‘’কিছু সৰু, অধিক সুবিধাজনক’’ Harley-Davidson মটৰচাইকেল চীনত বিক্ৰী কৰিবলৈ কাম কৰি থকাৰ কথা ঘোষণা কৰিছে।

Harley-Davidson ৰ এই মটৰচাইকেলখন চীনৰ বজাৰত মুকলি হোৱাৰ পাছতেই ভাৰতৰ লগতে এছিয়াৰ আন বজাৰতো উপলব্ধ হ’ব।

ফক্স নিউজৰ সূত্ৰ অনুসৰি, মটৰচাইকেলখনত ৩৩৮ চি চি ৰ ইঞ্জিন অন্তৰ্ভুক্ত কৰাৰ কৰা হ’ব যিটো  Harley-Davidson ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা যিকোনো মটৰচাইকেলতকৈ আকাৰত সৰু। নতুন মটৰচাইকেলখন আৰু ইয়াৰ ইঞ্জিন পূব চীনৰ জেজিয়াং প্ৰদেশৰ সিনহুৱাৰ ৱেনলিং মহানগৰত থকা  কিউয়ানজিয়াং কাৰখানাত নিৰ্মাণ কৰা হ’ব।

যোৱা বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোম্পানীটোৱে শুল্ক বচাবলৈ য়ুৰোপলৈ উৎপাদন নিয়াৰ পৰিকল্পনা কৰাৰ কথা কোৱাৰ পাছত Harley-Davidson ক সমালোচনা কৰিছিল। ‘’আমি আমাৰ ব্ৰেণ্ডৰ নতুন ক্ষেত্ৰ এটা গঢ়াৰ জৰিয়তে বিশ্বৰ এখন আটাইতকৈ মটৰচাইকেলৰ বৃহত্তম বজাৰ চীনত হাৰ্লেৰ অধিক গ্ৰাহক সৃষ্টি কৰাৰ সুযোগকলৈ উৎসাহিত,’’- Harley-Davidson ৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী মেট লেভাটিচে কয়।

Harley-Davidson  এ প্ৰদৰ্শনৰ বাবে মুকলি কৰা মডেলটোত দেখা গৈছে যে ৩৩৮ চি চি মটৰচাইকেলখনৰ কোম্পানীটোৰ ছিগনেশ্যাৰ ক্ৰুইজাৰ ডিজাইনতকৈ বহুখিনি পাৰ্থক্য আছে। বিগত বৰ্ষত  Harley-Davidson এ সদৰী কৰিছিল যে ই এছিয়াত কম ওজনৰ মটৰচাইকেল আৰু বিশ্বত ইলেকট্ৰিক বাইক মুকলি কৰা পৰিকল্পনা কৰিছে।

দুয়োটা সহযোগী কোম্পানীয়ে চীনত বিক্ৰী কৰিবৰ বাবে এখন প্ৰিমিয়াম ৩৩৮ চি চিৰ মটৰচাইকেল যৌথভাৱে নিৰ্মাণ কৰি তোলাৰ পৰিকল্পনা কৰিছে। মটৰচাইকেলখনক পৰ্যায়ক্ৰমে ভাৰতকে ধৰি এছিয়াৰ আন বজাৰলৈয়ো সম্প্ৰসাৰিত কৰা হ’ব।