মানুহৰ গাৰ ছালেৰে বন্ধোৱা কিতাপ! অৱশেষত বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হার্ভাৰ্ডৰ

ফটোঃ সংগ্ৰহীত ।

হাৰ্ভাৰ্ডত এক আচৰিত কাণ্ড। মানুহৰ চামৰাৰে (গাৰ ছাল) বন্ধোৱা আছে কিতাপ। এতিয়া হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ইয়াৰ ‘নৈতিকভাৱে বিতৰ্কিত প্ৰকৃতি’ৰ বাবে এই অস্বাভাৱিক বাইণ্ডিং কেনেকৈ আঁতৰাই পেলাব সেয়া সদৰী কৰিছে।

Des Destinées de l’Ame (বা ডেষ্টিনিজ অৱ দ্য ছ’ল) নামৰ কিতাপখন ১৯৩০ চনৰ পৰা বিশ্ববিদ্যালয়খনৰ হাউটন লাইব্ৰেৰীত ৰখা হৈছে। কিন্তু ২০১৪ চনত এই গ্ৰন্থখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰে যেতিয়া পৰীক্ষাত এইখন মানুহৰ ছালেৰে বন্ধোৱা বুলি নিশ্চিত কৰা হৈছিল।

যোৱা বুধবাৰে বিশ্ববিদ্যালয়খনে কয় যে “সতৰ্কতাৰে অধ্যয়ন, অংশীদাৰসকলৰ বিচাৰ আৰু বিবেচনা”ৰ পিছত ইয়াৰ মানুহৰ ছালৰ বাইণ্ডিং আঁতৰাই পেলাব আৰু “এই মানৱ অৱশিষ্টৰ চূড়ান্ত মৰ্যাদাপূৰ্ণ সৎকাৰ কৰিবলৈ” কৰ্তৃপক্ষৰ সৈতে কাম কৰিব।

লগতে পঢ়কঃ মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

এই কিতাপখন ৯০ বছৰতকৈও অধিক সময় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ৰখা আছিল। ১৮৮০ চনত আৰ্চিন হুছে আত্মা আৰু মৃত্যুৰ পিছৰ জীৱনক লৈ মেডিটেশ্যন গ্ৰন্থ De Destinee do Lamo লিখিছিল। তেওঁৰ ডাক্তৰ বন্ধু লুডভিচ ব’লেণ্ডক এই কিতাপখন দিয়া বুলি জনা যায়। তেওঁৱেই কিতাপখন মানুহৰ ছালেৰে বন্ধাই থৈছিল।

স্বাভাৱিক কাৰণত মৃত্যু হোৱা এগৰাকী মহিলা ৰোগীৰ ছালেৰে বন্ধাই থোৱা আছিল কিতাপখন। সেই মহিলাগৰাকীৰ মৃতদেহৰ বাবে কোনো দাবীদাৰ নাছিল বুলিও জনা যায়।

১৯৩৪ চনত ‘ডে ডেষ্টিন ডু লেম’ হাৰ্ভাৰ্ডলৈ অনা হয়। তেতিয়া এই কিতাপখনৰ সৈতে ডাক্তৰ বুলেণ্ডৰ এটা টোকাও আছিল।

লগতে পঢ়কঃ দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

সেই টোকাটোত লিখা আছিল, “মানৱ আত্মাৰ বিষয়ে লিখা কিতাপ এখন মানুহৰ আৱৰণ থকাটোৱে উপযুক্ত”। হাউটন লাইব্ৰেৰীয়েও অচিনাক্ত মহিলাগৰাকীৰ জীৱনৰ ওপৰত গৱেষণা কৰিছে।

বুলাণ্ডে লিখিছিল যে ‘এন্থ্ৰ’প’ডাৰ্মিক’ শব্দটো ষোড়শ শতিকাৰ পৰাই ব্যৱহাৰ হৈ আহিছে, যাৰ অৰ্থ হ’ল মানুহৰ ছালেৰে কিতাপ আৱৰণ বন্ধোৱা। সেই শতিকাত ইয়াৰ প্ৰচলন আছিল।

যদি কোনোবাই অপৰাধ কৰিছিল তেন্তে সেইটো তেওঁৰ ছালত লিখি দিয়া হৈছিল। বহু সময়ত কোনো কোনোৱে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ছালেৰে কিতাপৰ ক’ভাৰ এটা বনাবলৈ আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীক অনুৰোধ কৰি গৈছিল।

লগতে পঢ়কঃ পৰম্পৰা! হোলীৰ সময়ত এখন গাঁৱত পুৰুষসকলে লয় মহিলাৰ বেশ-ভূষা, আছে এক বিশেষ কাৰণ

১৯ শতিকাৰ অসংখ্য বিৱৰণ আছে, মৃত্যুদণ্ড দিয়া অপৰাধীৰ মৃতদেহ বিজ্ঞানক দান কৰা হৈছিল। তেওঁলোকৰ ছালবোৰ পিছত কিতাপ বন্ধোৱা বাইণ্ডাৰসকলক দিয়া হৈছিল।