হাৰিয়ানাৰ কৃষকে শস্যমূঢ়া বিক্ৰী কৰি লাভ কৰিলে ৫০ লাখ টকা, ‘মন কী বাট’ত প্ৰধান মন্ত্ৰীৰ প্ৰশংসা

নৰেন্দ্ৰ মোদী

চলিত মাহৰ মন কী বাট অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শস্যমূঢ়া বিক্ৰী কৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰা হাৰিয়ানৰ এগৰাকী কৃষকক উচ্চ প্ৰশংসা কৰে।

হাৰিয়ানৰ বীৰেন্দ্ৰ যাদৱ নামৰ কৃষক গৰাকীয়ে খেতিপথাৰৰ শস্যমূঢ়া বিক্ৰী কৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

হাৰিয়ানৰ এইগৰাকী উদ্যমী কৃষকৰ কথা কানত পৰাৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে মন কী বাট অনুষ্ঠানত বীৰেন্দ্ৰ যাদৱক প্ৰশংসা কৰে।

যাদৱে শস্যমূঢ়া সমূহ নিয়াৰিকৈ কটাৰ বাবে এক যন্ত্ৰ ক্ৰয় কৰিছিল আৰু সেই শস্যমূঢ় সমূহ শক্তি খণ্ড আৰু কাগজ কলৰ হাত বিক্ৰী কৰিছিল বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, পঞ্জাৱ আৰু হাৰিয়ানাত কৃষক সকলে শস্যমূঢ়া সমূহ জ্বলাই দিয়াৰ ফলতে শীতকালত দিল্লীত প্ৰদূষণে গুৰুতৰ ৰূপ ধাৰণ কৰে বুলি দিল্লী চৰকাৰে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে।

কেন্দ্ৰয় মন্ত্ৰী নীতিন গাডকাৰীয়ো পূৰ্বে শস্যমূঢ়াৰ পৰা বয়ো ইন্ধন প্ৰস্তুত কৰা প্ৰযুক্তিৰ বিকাশ সাধন কৰিব লাগে বুলি মতপ্ৰকাশ কৰিছিল।

আনহাতে, নতুন কৃষি আইনৰ বিৰোধিতাৰে দিল্লীত হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰি থকাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন কৃষি আইনক প্ৰশংসা কৰি নতুন কৃষি আইনে কৃষকক ন্যায় দিলে বুলি কয়।