NORTHEAST NOW (Assamese)

হাৰিয়ানাত ল’ৰিছে বিজেপিৰ খুঁটি! ভোটাৰক আকৰ্ষিত কৰিবলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া বাছসেৱাৰ প্ৰতিশ্ৰুতি

June 9, 2024 10:46 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 9, 2024 11:33 am

শেষ হ’ল লোকসভা নিৰ্বাচন। এতিয়া কিছু ৰাজ্যত বিধানসভা নিৰ্বাচনৰ আগমন ঘটিছে। লোকসভাৰ ফলাফল দেখি হাৰিয়ানাত অস্বস্তিত পৰিছে বিজেপি। যাৰ বাবে ৰাজ্যখনত বিজেপি চৰকাৰে ঘোষণা কৰিছে নতুন আঁচনি।চৰকাৰখনে দৰিদ্ৰ লোকক বিনামূলীয়া বাছ সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে আগবাঢ়িছে৷

শুকুৰবাৰৰ পৰা হাৰিয়ানা চৰকাৰে ৰাজ্যত ‘হেপি কাৰ্ড’ বিতৰণ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী নাইব সিং ছাইনীয়ে ঘোষণা কৰে যে এই কাৰ্ডেৰে ৰাজ্যবাসীয়ে ১০০০ কিলোমিটাৰ পৰ্যন্ত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। হাৰিয়ানাৰ যিসকল নাগৰিকৰ বাৰ্ষিক আয় ১ লাখ টকা বা তাতকৈ কম, তেওঁলোকে এই সুবিধা লাভ কৰিব। এই প্ৰকল্পৰ নাম অন্ত্যোদয় পৰিয়াল পৰিৱহন যোজনা।

হাৰিয়ানা চৰকাৰে গুৰুগ্ৰাম আৰু কাষৰীয়া অঞ্চলত প্ৰথম অৱস্থাত কাৰ্ড বিতৰণ আৰম্ভ কৰিছে। তেওঁলোকৰ এজন বিষয়াই কয়, “এতিয়ালৈকে ৫৯,৭০৮ জন লোকক হেপি কাৰ্ড দিয়া হৈছে। মুঠ ২৩ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব।” মন কৰিবলগীয়া যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ আৰু দিল্লীৰ ইউ পি চৰকাৰেও আগতে এনে আঁচনি আনিছিল।

অহা চাৰি মাহৰ ভিতৰত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ফলাফল ৰাজ্যিক বিজেপিৰ বাবে ভাল লক্ষণ নাছিল। তাত ১০খন আসনৰ ভিতৰত মাত্ৰ ৫খন আসনহে লাভ কৰিছে বিজেপিয়ে। বাকী পাঁচটাত কংগ্ৰেছে জয়লাভ কৰে। বহুতে ভাবে যে এই ফলাফল দেখি বিজেপিক ৰাজ্যখনত জোকাৰি গৈছে। গতিকে এই আচনিখন খৰখেদাকৈ আৰম্ভ কৰা হ’ল।

Related News