পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: আটক দুজনকৈ হাৰিয়ানাৰ যুৱক
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত হাৰিয়ানাৰ নুহ জিলাৰ পৰা মহম্মদ ৰিজৱান খান (২৪) নামৰ এজন যুৱ অধিবক্তাক গ্ৰেপ্তাৰ কৰা হৈছে। এই একেই গোচৰত চলিত বৰ্ষত এতিয়ালৈকে এয়া তৃতীয়টো গ্ৰেপ্তাৰ। ৰিজৱানৰ সহযোগী হিচাপে আন এজন অধিবক্তা মুশ্বাৰফ ওৰফে পাৰভেজকো আৰক্ষীয়ে আটক কৰিছে।
খাৰখাৰী গাঁৱৰ জুবাইৰৰ পুত্ৰ যুৱ অধিবক্তা ৰিজৱানৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। ২৬ নৱেম্বৰ, বুধবাৰে আৰক্ষীয়ে এই তথ্য নিশ্চিত কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৰিজৱানে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই (ISI)-ৰ সৈতে বিভিন্ন গোপন তথ্য প্ৰদান কৰিছিল। এই অভিযোগৰ ভিত্তিতে দিল্লীৰ এনআইএ (NIA), চি আই এ, আৰু টাৱাডুৰ যৌথ অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
জানিব পৰা মতে, মাজনিশা ৰিজৱানক আৰক্ষীয়ে আটক কৰে আৰু পিছদিনা পুৱা দিল্লীলৈ লৈ আনে। তেওঁৰ পৰা লেপটপ আৰু বিভিন্ন নথি-পত্ৰও আৰক্ষীয়ে জব্দ কৰিছে।
আৰক্ষীয়ে ৰিজৱানৰ সহযোগী অধিবক্তা মুশ্বাৰফ ওৰফে পাৰভেজকো আটক কৰিছে। পাৰভেজৰ পিতৃয়ে জনোৱা মতে, ২৪ নৱেম্বৰৰ নিশা তেওঁৰ পুত্ৰ পাৰভেজক আৰক্ষীয়ে আটক কৰি লৈ যায়। তেওঁ উল্লেখ কৰে যে পাৰভেজৰ এজন ককায়েক ভাৰতীয় সেনাবাহিনীত কৰ্মৰত।
তেওঁ কয় যে ৰিজৱানৰ সৈতে পাৰভেজৰ দুবছৰ ধৰি বন্ধুত্ব আছিল। কিন্তু তেওঁলোকৰ দৃঢ় বিশ্বাস আছে যে পুত্ৰই কোনো দেশ বিৰোধী কাম কৰা নাই। ইয়াৰোপৰি তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ পাকিস্তানত কোনো আত্মীয় নাই আৰু তেওঁলোকে কেতিয়াও পাকিস্তান ভ্ৰমণ কৰা নাই।
ইফালে, ৰিজৱানৰ পৰিয়ালৰ লোকে কৈছে যে, তেওঁলোকৰ পুত্ৰ অপৰাধী নহয় আৰু ভালদৰে তদন্ত কৰিলে সকলো তথ্য পোহৰলৈ আহিব।
উল্লেখ্য যে, হাৰিয়ানাৰ নুহ জিলাত একাংশই পাকিস্তানী চোৰাংচোৱাক সহায় কৰি অহাৰ অভিযোগ দীৰ্ঘদিনৰ। চলিত বৰ্ষত এতিয়ালৈকে তিনিজন গ্ৰেপ্তাৰ হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে আৰু তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।