অগপই মাটি কৰিলে নেকি উত্থানৰ অন্তিম সুযোগ?

Anti-CAB vote appeal invites expulsion for AGP youth leader

ফাইল ফটো : য়ু বি

অসমৰ সাম্প্ৰতিক ৰাজনীতিত সবাতোকৈ ডাঙৰ সাঁথৰটোৰ উদ্ভাৱক হৈছে আঞ্চলিক ৰাজনৈতিক দল অগপ। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰুদ্ধে দলটোৰ স্থিতি হেনো অনমনীয় আৰু উক্ত বিধেয়কৰ সপক্ষে দলটোৰ মিত্ৰদল বিজেপিৰ স্থিতিও অনমনীয়। অসমীয়া জাতিৰ জীৱন-মৰণৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়টোত দুই পৰস্পৰ-বিপৰীত মেৰুত অৱ্স্থান লোৱা অগপ-বিজেপিয়ে আকৌ অদ্ভূত ফেভিকল আঠাৰে পৰস্পৰৰ গাত লিপিট খাই ধৰি চৰকাৰো চলাই থাকিব পাৰিছে।

২৩ অক্টোবৰৰ দিনাখন গুৱাহাটীৰ লতাশিল খেলপথাৰত অগপই অনুষ্ঠিত কৰা গণ-সমাৱেশত দলটোৰ এগৰাকী নেত্ৰী ৰেখাৰাণী দাস বড়োৱে সমাজ-সাক্ষাতে মিত্ৰদল বিজেপিক ‘ৰাৱণ’ আখ্যা দিছে আৰু অগপই ‘ৰাৱণ-বধ’ৰ অংগীকাৰ কৰা বুলি কৈছে! অৰ্থাৎ যাক বধিব তাৰ লগতে মিলি-জুলি চৰকাৰো চলাই থাকিব, তাৰ লগতে মিত্ৰতাও অব্যাহত ৰাখিব। তেন্তে কি “চেনেহৰ চুমাৰে নাকটো ছিঙা”ৰ ফন্দি?

একেদিনাই টিভিৰ এক টক্-শ্ব’ত দলটোৰ প্ৰবীণ নেতা পবিন্দ্ৰ কুমাৰ ডেকাই কৈছে যে বিজেপিয়ে যিদিনাই অসমীয়া জাতিৰ কফিনত শেষৰটো গঁজাল মাৰিব, অগপ সিদিনাই চৰকাৰৰ পৰা ওলাই আহিব আৰু বিজেপিৰে মিত্ৰতাৰ যৱনিকা পেলাব। আই ঐ দেহি! ডেকাই তাৰ মানে ধৰিয়ে লৈছে যে অসমীয়া জাতিটো ইতিমধ্যেই মৰিল;  জাতিটোক কবৰ দিবলৈ দৰকাৰ হোৱা কফিনটোত বিজেপিয়ে যিমান গঁজাল মাৰে মাৰি থাকক! কেৱল শেষৰ গঁজালটো মাৰিলেহে অৰ্থাৎ কবৰত জাতিটো পোতাৰ বাবে সম্পূৰ্ণ সাজু হ’লেহে অগপ বিজেপিৰ পৰা আঁতৰি আহিব। শ্ৰ্ৰী ডেকাৰ এই মতটোকে বহুদিনৰ পৰা অগপ নেতৃত্বই আনুষ্ঠানিকভাৱে দোহাৰি আহিছে।

হেৰা, অসম গণ পৰিষদ, অসমীয়া মানুহক মূৰ্খ পাইছা? জাতিৰ কফিনত শেষৰটো গঁজাল মৰালৈ অপেক্ষা কৰিব লাগিছিল নে প্ৰথমটো গঁজাল মাৰোতেই বা জাতিৰ কফিনটো আনোতেই বিজেপিৰে মিত্ৰতা ছেদ কৰিব লাগিছিল? কফিনত শেষ গঁজাল মৰাৰ পিছত জাতিৰ মৃতদেহে কফিনৰ ভিতৰত উশাহ লৈ থাকিব বুলি আমি অসমীয়াক পতিয়ন নিয়াব খুজিছা, অসম গণ পৰিষদ?

২০১৫ চন মানৰ পৰাই বিজেপিয়ে নানা অধিসূচনাৰ জৰিয়তে এঢাপ এঢাপকৈ অসমত অবৈধ হিন্দু বাংলাদেশীৰ স্থিতি নিকপকপীয়া কৰি থাকোতে তোমালোকে কি কৰিছিলা? কংগ্ৰেছক আঁতৰোৱাৰ অচিলাৰে মিত্ৰতা কৰিলা! নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬- খন অনাৰ পিছতো, তাক লৈ সমগ্ৰ অসম জ্বলি উঠাৰ পিছতো, বিজেপিয়ে সেইখন আইনত পৰিণত কৰিবলৈ বদ্ধপৰিকৰ বুলি বাৰম্বাৰ ঘোষণা কৰি থকাৰ পিছতো, তোমালোকে ক্ষমতাৰ মিঠা মঙহৰ ওপৰত দি থকা বজ্ৰ কামোৰটো নেৰিলা! সদৌ শেষত সিদিনা মাজুলীত ৰাজ্যিক বিজেপিয়ে বিধেয়কখনৰ সপক্ষে আনুষ্ঠানিক আৰু সৰ্বসন্মত সিদ্ধান্ত ল’লে– তাৰ পিছতো বিজেপিৰ বোধোদয় হ’ব বুলি তোমালোকে আশা পুহি ৰাখিছা? তাৰ পিছতো এতিয়ালৈকে তোমালোকৰ গা নলৰিল? তাৰ পিছতো তোমালোকে আশা কৰিছা যে বিজেপি ইয়াতকৈও বেছি আগ বাঢ়ক আৰু জাতিৰ মৃত্যু নিশ্চিত কৰক।

তাৰমানে কি তোমালোকে দেখাত বিধেয়কৰ বিৰোধিতা কৰি আচলতে বিধেয়কখন আইনত পৰিণত হ’বলৈ এৰি দিছা? আশা কৰিছা যে তেনে পৰিস্থিতিত বিজেপিৰ সমগ্ৰ ‘অসমীয়া’ ভোট তোমালোকৰ ফালে গুচি আহিব ? মূৰ্খৰ স্বৰ্গত বাস কৰা বুলি ইয়াকে কয়।

তোমালোকে আত্মপক্ষ সমৰ্থনত কেতবোৰ ‘ৰাজনৈতিক’ যুক্তি দি থাকিলেই তোমালোকৰ ৰাজনীতি ৰমৰমীয়া হৈ নুঠে- উঠিলহেঁতেন যদি ৰাইজ তোমালোকৰ যুক্তিত আৰু কামত পতিয়ন গ’লহেঁতেন। অসমীয়া জাতিৰ এই মহা সংকটত ৰাইজে যদি তোমালোকক ৰাইজে আশা কৰা ধৰণৰ পদক্ষেপ লোৱা দেখিলে হেঁতেন, তেন্তে তোমালোকৰ ৰাজনীতি অসমত অৱ্শ্যেই মজবুত হৈ পৰিলহেঁতেন। কিন্তু, কেতবোৰ নেতাৰ ব্যক্তিগত সুবিধাবাদৰ বাবেই তোমালোকে দলটোৰ সমুখলৈ অহা সোণালী সুযোগ উপেক্ষা কৰা নাইনে? ইতিহাসৰ সংকেত বুজাত, দেৱালৰ লিখন পঢ়াত তোমালোক শোচনীয়ভাৱে ব্যৰ্থ হোৱা নাইনে?

যাক ‘ৰাৱণ’ আখ্যা দিলা তাৰেই লগত মিত্ৰতা অব্যাহত ৰাখি যি ভুল কৰিছা, সিয়েই তোমালোকক অসমীয়া জনমানসত এলাগী কৰি ৰাখিব বহু যুগলৈ। অথচ জাতিৰ কুটুম ৰূপে নিজক প্ৰতিষ্ঠা কৰাৰ কি বিৰল সুযোগ পাইছিলা তোমালোকে!

তোমালোকে কোনোপধ্যেই মিত্ৰতা নেৰা বুলি বিজেপিক বুজিব দি সেই দলৰ আত্মবিশ্বাস এনেকৈ বঢ়াই দিছা যে তেওঁলোকে কাকো কেৰেপ নকৰি বিধেয়কখনৰ সপক্ষে অদম্য গতিৰে আগ বাঢ়ি গৈছে। তেওঁলোকে তোমালোকৰ লগতে আন কেতবোৰ দল-সংগঠনৰো ভিতৰুৱা চৰিত্ৰ বুজি নিশ্চিত হৈছে যে যিমানে ফোঁপাই নাথাকক এইমখাই বিজেপিৰ বিৰুদ্ধে আপোচহীন, আদৰ্শগত, নিৰ্ণায়ক যুদ্ধ কৰিব নোৱাৰে।

তোমালোক তৎপৰ হ’ব লাগিছিল যেনে-তেনে চৰকাৰখন ওফৰাই দিবলৈ। আৰু যদি সেইফেৰা সম্ভৱ নহয়ো, তথাপি মিত্ৰতা ভংগ কৰি বিজেপিৰ আত্মবিশ্বাসত আঘাত হানিব লাগিছিল। মৰ্চা ৰাজনীতিৰ এই যুগত বিজেপিয়ে তোমালোকৰ সমৰ্থন হেৰুওৱাটো নিশ্চয় গুৰুত্বসহকাৰে ল’লেহেঁতেন। আৰু নল’লেও তোমালোক অন্ততঃ অসমীয়া মানুহৰ আস্থাভাজন হ’লাহেঁতেন, অসমীয়াই এই সংকটত নিজৰ এটা দল আছে বুলি তোমালোকৰ কথাই ভাবিলেহেঁতেন, বিধেয়ক-বিৰোধী আন্দোলনত নতুন তেজ আৰু উত্তাপ সঞ্চাৰিত হ’লহেঁতেন।

ৰেখাৰাণী দাস বড়োৰ ‘ৰাৱণ’ বিজেপিয়ে এই বিধেয়ক আইনত পৰিণত কৰিবলৈ সক্ষম হ’লে অৰ্থাৎ পবিন্দ্ৰ ডেকাৰ ভাষাত জাতিৰ কফিনত শেষ গঁজালটো মাৰিবলৈ সক্ষম হ’লে, অসমীয়া মানুহৰ বাবে তোমালোকৰ প্ৰয়োজন নাইকিয়া হৈ পৰিব। সেই অন্তিম কাণ্ডটো হোৱাৰ আগতহে তোমালোকৰ প্ৰয়োজন আমি অনুভৱ কৰিছোঁ, মিত্ৰতা-ভংগৰে তাত বাধা দিয়াটো আমি বিচাৰিছোঁ। মিত্ৰতা ভংগ কৰিও, চৰকাৰৰ পৰা ওলাই আহিও তোমালোকে বিজেপিৰ এই বিধেয়কখনক ৰখাব নোৱাৰিব পাৰা- কিন্তু তাৰ পিছতো, ব্যৰ্থতাৰ পিছতো দুৰ্দিনৰ বন্ধুৰূপে সমগ্ৰ জাতিয়ে তোমালোকক মনত ৰাখিলেহেঁতেন, আস্থাত ল’লেহেঁতেন। কিন্তু, তোমালোকে জানো চিৰাচৰিত স্বভাৱ এৰি ‘ৰেডিকেল’ হ’ব পাৰিবা?

শিৱজিত দত্ত

ই-মেইলঃ shivajitdutta@gmail.com