• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 6:50 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ফোনটো ক’ত? ঘৰৰ চাবিটো ক’ত থৈছিলোঁ? সেই মানুহজনৰ নামটো কি আছিল? অলপ আগতে মই কি ভাবি আছিলো? অলপ আগতে তুমি মোক কি কৈ আছিলা?  – এনেদৰে কথাবোৰ পাহৰি যায় নেকি আপুনি? কথাবোৰ পাহৰি যোৱাৰ পিছত আপুনি বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰে নেকি ? 

আপুনি লক্ষ্য কৰিব যে আপুনি দিনটোত এনে শ শ সাধাৰণ কথা পাহৰি যায়। বয়স বাঢ়ি যোৱাৰ লগে লগে এই পাহৰণিৰ ৰোগ অধিক বাঢ়ি যায়। 

কিন্তু বয়সৰ দোষ বুলি বহুতে এই সমস্যাটোক এৰাই চলা দেখা যায়।  কিন্তু ই কেৱল বয়সৰেই দোষ নেকি? একেবাৰে নহয়। যদি আপুনি অলপতে এনেকুৱা সাধাৰণ কথাবোৰ পাহৰি যাবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি ‘ছ্যুড’-ডিমেনচিয়া’ত আক্ৰান্ত। 

হয়, যিটোক আপুনি বয়সৰ বাবে হোৱা বুলি উলাই কৰিছে, সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ সমস্যা। 

এই সমস্যাই যুৱক-যুৱতীসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। কিন্তু কিয়? বিশেষজ্ঞসকলে ইয়াৰ বিষয়ে কি কয়…

শেহতীয়াকৈ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মানসিক চাপেই হৈছে এনেদৰে কথা পাহৰি যোৱাৰ মূল কাৰক। অৰ্থাৎ আজিৰ ব্যস্ত জীৱনত মানুহে সকলো চম্ভালিবলৈ অত্যধিক হেঁচাত পৰিছে। 

মাল্টিটাস্কিং চলি আছে, যাৰ ফলত মগজুত বেয়া প্ৰভাৱ পৰিছে। মানসিক চাপৰ পৰিমাণ ইমানেই বাঢ়িছে যে আজিকালি যুৱক-যুৱতীসকলৰ মাজত এই ধৰণৰ সমস্যাই দেখা দিছে। 

বিশেষজ্ঞসকলৰ মতে আজিকালি মানুহৰ ইমানবোৰ গৌণ চিন্তা যেনে অত্যধিক কামৰ চাপ, সামাজিক মৰ্যাদা বজাই ৰখা ইত্যাদি, যাৰ ফলত তেওঁলোকে অজানিতে ছ্যুডো ডিমেনচিয়াৰ দৰে সমস্যাত ভুগিবলগীয়া হৈছে। মানুহে ইমানবোৰ ভিন্ন ধৰণৰ তথ্য মূৰত ধৰি ৰাখিব নোৱাৰে, ফলত মগজুৰ ওপৰত হেঁচা পৰিছে। 

বিশেষজ্ঞসকলৰ মতে আমাৰ মগজুৱে তিনিটা ভাগত কাম কৰে। কিবা এটাত মনোনিৱেশ কৰা, কিবা এটাত সোমাই লোৱা আৰু শেষত মগজুৰে কিবা এটা ধৰি ৰখা। এই প্ৰতিটো কামৰ বাবে মগজুৱে পৃথকে পৃথকে কাম কৰে। যেতিয়াই মানুহ বহুত মানসিক চাপত পৰে তেতিয়াই মগজুৰ এই স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। গতিকে যদি আপোনাৰো এই ধৰণৰ পাহৰি যোৱাৰ সমস্যা আছে তেন্তে ইয়াক স্বাভাৱিক কথা বুলি আওকাণ নকৰিব আৰু বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd