NORTHEAST NOW (Assamese)

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

September 23, 2023 6:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 23, 2023 7:13 pm

ফোনটো ক’ত? ঘৰৰ চাবিটো ক’ত থৈছিলোঁ? সেই মানুহজনৰ নামটো কি আছিল? অলপ আগতে মই কি ভাবি আছিলো? অলপ আগতে তুমি মোক কি কৈ আছিলা?  – এনেদৰে কথাবোৰ পাহৰি যায় নেকি আপুনি? কথাবোৰ পাহৰি যোৱাৰ পিছত আপুনি বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰে নেকি ? 

আপুনি লক্ষ্য কৰিব যে আপুনি দিনটোত এনে শ শ সাধাৰণ কথা পাহৰি যায়। বয়স বাঢ়ি যোৱাৰ লগে লগে এই পাহৰণিৰ ৰোগ অধিক বাঢ়ি যায়। 

কিন্তু বয়সৰ দোষ বুলি বহুতে এই সমস্যাটোক এৰাই চলা দেখা যায়।  কিন্তু ই কেৱল বয়সৰেই দোষ নেকি? একেবাৰে নহয়। যদি আপুনি অলপতে এনেকুৱা সাধাৰণ কথাবোৰ পাহৰি যাবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি ‘ছ্যুড’-ডিমেনচিয়া’ত আক্ৰান্ত। 

হয়, যিটোক আপুনি বয়সৰ বাবে হোৱা বুলি উলাই কৰিছে, সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ সমস্যা। 

এই সমস্যাই যুৱক-যুৱতীসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। কিন্তু কিয়? বিশেষজ্ঞসকলে ইয়াৰ বিষয়ে কি কয়…

শেহতীয়াকৈ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মানসিক চাপেই হৈছে এনেদৰে কথা পাহৰি যোৱাৰ মূল কাৰক। অৰ্থাৎ আজিৰ ব্যস্ত জীৱনত মানুহে সকলো চম্ভালিবলৈ অত্যধিক হেঁচাত পৰিছে। 

মাল্টিটাস্কিং চলি আছে, যাৰ ফলত মগজুত বেয়া প্ৰভাৱ পৰিছে। মানসিক চাপৰ পৰিমাণ ইমানেই বাঢ়িছে যে আজিকালি যুৱক-যুৱতীসকলৰ মাজত এই ধৰণৰ সমস্যাই দেখা দিছে। 

বিশেষজ্ঞসকলৰ মতে আজিকালি মানুহৰ ইমানবোৰ গৌণ চিন্তা যেনে অত্যধিক কামৰ চাপ, সামাজিক মৰ্যাদা বজাই ৰখা ইত্যাদি, যাৰ ফলত তেওঁলোকে অজানিতে ছ্যুডো ডিমেনচিয়াৰ দৰে সমস্যাত ভুগিবলগীয়া হৈছে। মানুহে ইমানবোৰ ভিন্ন ধৰণৰ তথ্য মূৰত ধৰি ৰাখিব নোৱাৰে, ফলত মগজুৰ ওপৰত হেঁচা পৰিছে। 

বিশেষজ্ঞসকলৰ মতে আমাৰ মগজুৱে তিনিটা ভাগত কাম কৰে। কিবা এটাত মনোনিৱেশ কৰা, কিবা এটাত সোমাই লোৱা আৰু শেষত মগজুৰে কিবা এটা ধৰি ৰখা। এই প্ৰতিটো কামৰ বাবে মগজুৱে পৃথকে পৃথকে কাম কৰে। যেতিয়াই মানুহ বহুত মানসিক চাপত পৰে তেতিয়াই মগজুৰ এই স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। গতিকে যদি আপোনাৰো এই ধৰণৰ পাহৰি যোৱাৰ সমস্যা আছে তেন্তে ইয়াক স্বাভাৱিক কথা বুলি আওকাণ নকৰিব আৰু বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Related News