পাৰিবাৰিক নানান বিষয়ক লৈ প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰি অহা ভাৰতীয় দলৰ ক্ৰিকেটাৰ মহম্মদ ছামিৰ পত্নী হাছিন জাহানে এইবাৰ আন এটা বিষয়ৰ বাবে সংবাদ শিৰোনাম দখল কৰিছে।
৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত কৰা ৰাম মন্দিৰৰ শিলান্যাস অনুষ্ঠানৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰি বিপদত পৰিছে ক্ৰিকেটাৰ ছামিৰ পত্নী হাছান জাহান।
ৰাম মন্দিৰৰ শিলান্যাস অনুষ্ঠানলৈ শুভেচ্ছা জ্ঞাপন কৰি জাহানে লিখিছিল-‘ভূমি পূজন হৈ গ’ল।এইবাৰ সকলোৱে মিলি সুন্দৰ ভাৰত গঢ়াৰ সংকল্প ল’ব লাগে’।
জাহানৰ এই পোষ্টৰ পিছতে একাংশ লোকে ছ’চিয়েল মিডিয়াত জাহানক তুলাধুনা দিছে।
বহতে আকৌ জাহানক বলাৎকাৰ কৰাৰো ভাবুকি দিছে।
ছ’চিয়েল মিডিয়াত বলাৎকাৰৰ ভাবুকি পোৱাৰ পিছতে শংকিত হৈ পৰিছে ক্ৰিকেটাৰ পত্নী গৰাকী।
জীৱনৰ প্ৰতি আহি পৰা সংশয়ৰ বাবেই সেয়ে জাহানে সুৰক্ষা বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছে।
কেৱল সেয়াই নহয়,হাছিন জাহানে সমগ্ৰ ঘটনা বৰ্ণনা কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈও চিঠি লিখি সহায় ভিক্ষা কৰিছে।