সাম্প্ৰদায়িক ঘৃণাভৰা ভাষণেৰে কলিয়াবৰত হিমন্তৰ প্ৰচাৰ; কেশৱ মহন্তক বিজেপিত ভোট দিবলৈ আহ্বান

Himanta Kaliabor

কলিয়াবৰত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী প্ৰচাৰ সভা।

কলিয়াবৰৰ জখলাবন্ধাস্থিত মিলন সংঘৰ বাকৰিত আজি পুৱাৰ ভাগত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত শৰ্মাই বিজেপিৰ দিনত উন্নয়ন হোৱা বুলি দাবী কৰাৰ সমান্তৰালভাৱে সাম্প্ৰদায়িক ঘৃণাভৰা ভাষণ দিয়ে।

মন্ত্ৰীজনে নিজৰ ভাষণত বাৰে বাৰে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা অৰ্ণমাই বৰাৰ প্ৰসংগ টানি আনে। “বিজেপিক যেতিয়া ভোট দিব, নিশ্চিত হৈ থাকিব আৰু এগৰাকী অৰ্ণমাই বৰা সৃষ্টি হ’ব নোৱাৰে।” মন্ত্ৰীজনে কয়।

ইয়াৰ উপৰি ‘অগপ, কংগ্ৰেছে ‘ন-অসমীয়া’ সকলকহে ভাল পায়, অসমীয়াক ভাল নাপায়’ বুলি মন্তব্য কৰে।

“অগপই কাৰোবাক সুৰক্ষা দিব বিচাৰে। তেওঁলোকে বিজেপিক সকীয়াই দিছো বুলি মন্তব্য কৰে। মই কেশৱদাক উলোটাই কওঁ, বিজেপিক সকীয়াই নিদিব। পাৰিলে ন-অসমীয়াক সকীয়াই দিয়ক। তেতিয়াই গম পাম আপোনালোকৰ বীৰত্ব কিমান।” মন্ত্ৰী হিমন্তই কয়।

“আপোনালোকে যদি ন-অসমীয়াক একো কৰিবই নোৱাৰে। আমাকতো অলপ প্ৰেৰণা দিয়ক। আমিয়ে কিবাকিবি কৰো।”

আনহাতে ‘বুদ্ধিজীৱীসকলেও কেৱল ন-অসমীয়াসকলৰ কথা কয়’ বুলি বুদ্ধিজীৱীসকলকো কটাক্ষ কৰে মন্ত্ৰীজনে।

অসমীয়াৰ ভোটেৰে বিজেপি জয়ী হোৱা নাই বুলি কোৱা আৰু নাগৰিকত্ব বিধেয়কখনক সদায়ে সমৰ্থন দি অহা মন্ত্ৰীজনে আকৌ আজি ওলোটা খৰ মাৰি কয়, “অসমীয়াৰ কাৰণে যিকোনো পৰ্য্যায়লৈকে যাবলৈ আমি সাজু থাকিম।”

নিজৰ ভাষণৰ মাজত নিজৰ অভিজ্ঞতাভিত্তিক একাধিক কাহিনীও কয় হিমন্তই। অৱশ্যে কাহিনী কোৱাৰ আগত “কলিয়াবৰৰ দৰে পবিত্ৰভূমিত মই আছো। মিছা কথা কোৱাৰ সাহস নাই” এইদৰে কৈ লয় মন্ত্ৰীজনে।

ইফালে তৰুণ গগৈক আক্ৰমণ কৰি কয়, “তৰুণ গগৈ আৰু কেইবছৰমান মুখ্য মন্ত্ৰী হৈ থকা হ’লে কংগ্ৰেছৰ প্ৰতীক হাতৰ ঠাইত ধুতি-লুঙী হৈ গ’ল হেঁতেন।”

কলিয়াবৰৰ অগপৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি কয়, “ইয়াত যেতিয়া বানপানী হয়, বানত মাটি যায় তাতো ৰাজনীতি হয়। অগপ, বিজেপি, কংগ্ৰেছ বিচাৰ হয়। অগপৰ মানুহবোৰক কেশৱ দাই পইচাবোৰ দিয়ে। বাকী মানুহবোৰক দিব নোৱাৰে। ক্ষতিপূৰণটোও দিব নোৱাৰে।”

“মই কেশৱদাক অনুৰোধ কৰিম, ক্ষুদ্ৰ পৰিসৰৰ ৰাজনীতি বাদ দিয়ক আপুনিও বিজেপি দলক ভোট দিয়ক।”