যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হাউলী আৰক্ষী; এক ঘন্টাত প্ৰায় ত্ৰিশ হাজাৰ টকা জৰিমনা সংগ্ৰহ

Hauli Police operation

হাউলী আৰক্ষীৰ অভিযান

ৰাজ্যত নতুন যান বাহন আইন বলবৎ হোৱাৰ পিছৰে পৰাই আৰক্ষী আৰু পৰিবহন বিভাগে জনসাধৰণক পথ সুৰক্ষাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যে পাৰ্যমানে চেষ্টা চলাই আহিছে ।

এইক্ষেত্ৰত যান-বাহন সম্পৰ্কে কেন্দ্ৰই কঠোৰ আইন প্ৰযোজ্য কৰিলেও জনসাধাৰণ নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ হোৱা পৰিলক্ষিত হোৱা নায়।

এতিয়াও প্ৰায় বোৰ  ব্যক্তিয়ে নথি-পত্ৰ অবিহনে গাড়ী-মটৰ চলাই যান-বাহন  আইন উলংঘা কৰি অহা দেখা গৈছে।

যান-বাহন আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে সোমবাৰে কঠোৰ হৈ পৰা দেখা গ’ল হাউলী আৰক্ষীক।

কলেজীয়া শিক্ষাৰ্থী, পুৰুষ তথা মহিলাকে ধৰি সকলোৰে বাবে যান-বাহন আইন মানি চলাটো এক দায়িত্ব সেই সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰি হাউলী আৰক্ষীয়ে সোমবাৰে যান-বাহন আইন ভংগকাৰী সকলক নতুন যান-বাহন আইন অনুসৰি জৰিমনা বিহে।

জানিব পৰা মতে, আৰক্ষীয়ে যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে সোমবাৰে অভিযান চলাই এক ঘণ্টাত প্ৰায় ৩০,০০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।