গুৱাহাটীত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই- জিতু গোস্বামী

Have no link with seized liquor-carrying truck: Jitu Goswami

‘‘কেতবোৰ বিশেষ কিছুমান সংবাদ মাধ্যমে কালি গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ তথা কাৰখানাৰ সৈতে কোনো কাৰণ নোহোৱাকৈ মোৰ নাম সাঙুৰি দিয়াটো পৰিলক্ষিত হৈছে যিটো অতিশয় দুৰ্ভাগ্যজনক৷’’

১৬ অক্টোবৰ ২০২০ তাৰিখে গুৱাহাটীত অনুষ্ঠিক এক সংবাদ মেলত উক্ত বিবৃতিটো প্ৰকাশ কৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশ আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামীয়ে৷

‘‘কেতবোৰ বিশেষ সংবাদ মাধ্যমে এই বুলি প্ৰতিবেদন প্ৰকাশ কৰে যে বুধবাৰে সোণাপুৰত নিশা জব্দ হোৱা সুৰাৰ ট্ৰাকখন হিমালয়ান ডিষ্টেলেৰীৰ আছিল য’ত মইও এজন অংশীদাৰ হিচাপে আছো৷ জব্দ হোৱা ট্ৰাকখনৰ সৈতে হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড অথবা মোৰ সৈতে  কোনো ধৰণৰ সম্পৰ্ক নাই৷ ট্ৰাকখন আছিল অবৈধ আৰু কিছুমান দুষ্কৃতিকাৰীয়ে মোৰ অপযশ আনিবলৈ সমগ্ৰ ঘটনাটোৰ সৈতে মোৰ নামটো সাঙুৰি দিয়ে’’, গোস্বামীয়ে এইদৰে কয়৷

‘‘ৰাজহুৱাভাৱে মোৰ নাম নষ্ট কৰিবলৈ বিচৰা একাংশ লোকৰ দ্বাৰা ট্ৰাকখন পৰিচালিত হোৱাৰ লগতে কেতবোৰ সংবাদ মাধ্যমে কেৱল এখন হাতে লিখা পৰিবহণ পাৰ্মিটৰ ভিত্তিত বাতৰি প্ৰতিবেদন হোৱা পৰিলক্ষিত হৈছে’’, তেওঁ এইদৰে কয়৷

‘‘এক দায়িত্বশীল সংস্থা হিচাপে আমি আবকাৰী বিভাগৰ নীতি-নিয়মসমূহৰ বিষয়ে ভালদৰেই অৱগত৷ ২০১৬ চনত ভাৰতীয় জনতা দলৰ চৰকাৰে ৰাজ্যখনত আবকাৰী পৰিবহণ পাৰ্মিটৰ নিয়ামক সন্দৰ্ভত কেতবোৰ পৰিৱৰ্তন সাধন কৰিছিল’’, তেওঁ এইদৰে কয়৷

‘‘আমাৰ ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমি সদায়েই আমাৰ সামগ্ৰীসমূহ যেনে বটলত থকা সুৰা অসম আবকাৰী বিভাগৰ দ্বাৰা সেউজ সংকেত পালেহে পৰিবহণ কৰো, তাৰোপৰি বৰ্তমান পাৰ্মিটৰ ডিজিটেল প্ৰতিলিপিৰো প্ৰয়োজন হয়৷’’

‘আপোনালোকে জানে যে পাৰ্মিটৰ ডিজিটেল প্ৰতিলিপি লাভ কৰিবলৈ অনুমোদনৰ কিছুমান দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে৷  হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডে সদায়েই ৰাজ্য চৰকাৰৰ নীতি-নিয়মসমূহ পালন কৰি আহিছে৷ মোক তথা মোৰ উদ্যোগক এইদৰে অবৈধ সুৰা ব্যৱসায়ৰ সৈতে সাঙুৰি লোৱাটো নিতান্তই ভিত্তিহীন কথা আৰু ইয়াৰ জৰিয়তে কিছুসংখ্যক বিৰোধীয়ে ৰাজহুৱাভাৱে মোক অপমানিত কৰিবলৈ বিচাৰিছে’’, তেওঁ এইদৰে কয়৷

বুধবাৰে নিশা আবকাৰীৰ এক তদন্তকাৰী দলে এএছ-০১-জিচি-৪১৯৭ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে য’ৰ পৰা বৃহৎ সংখ্যক অবৈধ দেশীয় সুৰা জব্দ কৰা হয়৷ আৰক্ষীয়ে ট্ৰাকখনৰ পৰা হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ এখন হাতে লিখা পাৰ্মিট উদ্ধাৰ কৰে৷ কিন্তু সেই হাতে লিখা পাৰ্মিটখনৰ সৈতে উদ্যোগটোৰ কোনো সম্পৰ্ক নাই আৰু সেই পাৰ্মিটখন অবৈধ বুলি উল্লেখ কৰা হৈছে৷