NORTHEAST NOW (Assamese)

মই কেইবাসপ্তাহো নিজৰ মুখ চোৱা নাই: মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰসিকতা

March 6, 2020 8:54 pm · এন ই নাও নিউজ
Updated: March 6, 2020 9:02 pm
মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ফটো: টুইটাৰ

এমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বোলে যোৱা কেইবাসপ্তাহ ধৰি নিজৰ মুখ স্পৰ্শ কৰা নাই।

মুকলিমূৰীয়া মত প্ৰকাশৰ বাবে জনাজাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্য আছিল ক’ৰোনাভাইৰাছক লৈ দিয়া এক ৰসিকতাপূৰ্ণ টীপ্পনী।

বাতৰি মতে, হোৱাইট হাউছৰ ক’ৰোনাভাইৰাছ সম্পৰ্কীয় সমন্বয়ৰক্ষী দেবৰা বাৰ্ক্সে এক আলোচনাত ভাইৰাছবিধৰ পৰা আঁতৰি থকাৰ বাবে হাত ধোৱা, মুখখন চুই নথকা আদি দিহা দি আছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পে তেতিয়া প্ৰত্যুত্তৰত মন্তব্য কৰে, “মই মোৰ মুখখন সপ্তাহ, সপ্তাহ ধৰি স্পৰ্শ কৰা নাই। মই তাক মিছ কৰিছো।”

COVID-19 ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাক লৈ বিমান পৰিবহণ সংস্থা আৰু প্ৰশাসনৰ মাজত সভাখন অনুষ্ঠিত হৈছিল।

বিমান পৰিবহণ কাৰ্য্যবাহীসকলে যাত্ৰীবাহী বিমানত তেওঁলোকে গ্ৰহণ কৰা বৰ্ধিত সুৰক্ষামূলক চাফাই ব্যৱস্থাৰ বিষয়ে অৱগত কৰিছিল।

Related News