NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবত সাংবাদিক সেৱা হায়াত চিকিৎসালয়ৰ

December 22, 2018 6:36 pm · এন ই নাও নিউজ
শনিবাৰে হায়াত হস্পিটেলৰ চিকিৎসা শিবিৰৰ দৃশ্য।

গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত শনিবাৰে সেৱা আগবঢ়ায় গুৱাহাটীৰ হায়াত চিকিৎসালয়ে।

চিকিৎসালয়খনৰ ডায়েবেতিছ বিশেষজ্ঞ ডাঃ নচিমুৰ ৰিয়াজ আৰু মেদিচিন বিশেষজ্ঞ ডাঃ ভাস্কৰ নেওগে ৩ বজাৰ পৰা ৫ বজালৈ মিডিয়া ক্লিনিকটোত উপস্থিত সাংবাদিক আৰু সাংবাদিক পৰিয়ালৰ লোকসকলক সেৱা আগবঢ়ায়।

শিবিৰটোত বিনামূলীয়াকৈ তেজৰ চাপ আৰু শৰ্কৰাৰ পৰিমাণৰো পৰীক্ষা কৰোৱা হয়।

চিকিৎসক দুগৰাকীক সহযোগিতা আগবঢ়াই নাৰ্ছ ৰেণুকা বৰ্মন আৰু ৰশ্মিৰাণী ৰয়ে।

পূৰ্বেও মিডিয়া ক্লিনিকত সেৱা আগবঢ়োৱা চিকিৎসালয়খনৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্ত আৰু উপ মহাপ্ৰবন্ধক বশিষ্ঠ শইকীয়াও শিবিৰটোত উপস্থিত আছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News