• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়ালয়ৰ ওচৰত নতশিৰ চৰকাৰ : উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 22, 2018 6:03 pm
Amitabh Rajkhowa

নিৰ্বাচনৰ সবিশেষ ঘোষণা কৰিলে ডিমা হাছাও জিলাৰ উপায়ুক্তই।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৌশলেৰে পিছুৱাই থকাৰ পিছত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা শিৰোধাৰ্য্য কৰি উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পাতিবলৈ আগ বাঢ়িছে। আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্তই পৰিষদখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে এই সম্পৰ্কীয় নিৰ্বাচনী অধিসূচনা জাৰি কৰে।

নিৰ্বাচনী আয়ুক্তৰ ঘোষণাৰ ভিত্তিত আজি জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া অমিতাভ ৰাজখোৱাই এখন সংবাদমেল দি নিৰ্বাচনৰ সবিশেষ সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Apply Now

সেই অনুসৰি অহা ১৯ জানুৱাৰি, ২০১৯ত পৰিষদখনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উক্ত দিনা পুৱা ৭ বজাৰ পৰা ৩ বজালৈকে ভোটগ্ৰহণ চলিব।

নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন জমা দিয়াৰ তাৰিখ ২৪ ডিচেম্বৰ, ২০১৮ৰ পৰা ৩ জানুৱাৰি ২০১৯লৈ। উক্ত দিনৰ ভিতৰত পুৱা ১১ বজাৰ পৰা আবেলি ৩বজালৈ মনোনয়নপত্ৰ দাখিল কৰিব পাৰিব।

মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ৪ জানুৱাৰি, ২০১৯ তাৰিখে আৰু তাৰ ভিত্তিত  উক্ত দিনাই বৈধ মনোনয়নৰ তালিকা প্ৰকাশ কৰা হ’ব।

আনহাতে প্ৰাৰ্থীসকলে ৭ জানুৱাৰি, ২০১৯ৰ পুৱা ১১বজাৰ পৰা ৩ বজালৈকে মনোনয়ন প্ৰত্যাহাৰৰ কৰিব পাৰিব।ইয়াৰ পিছতে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।

কোনো পৰিস্থিতিত পুনৰ ভোটগ্ৰহণ কৰিব লগীয়া হ’লে তাৰ বাবে ২১ জানুৱাৰি, ২০১৯ তাৰিখটো নিৰ্ধাৰণ কৰা হৈছে।

ভোট গণনা হ’ব ২২ জানুৱাৰি, ২০১৯ তাৰিখে পুৱা ৮ বজাৰ পৰা।

মিচিং, সোণোৱাল কছাৰী আৰু ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰো নিৰ্বাচন

গুৱাহাটীৰ প্ৰতিবেদকৰ সংযোজন : আনহাতে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো পাতিবলৈ ৰাজ্য চৰকাৰ আগ বঢ়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যকাল কেতিয়াবাই ওকলি গৈছিল। চৰকাৰৰ অনুৰোধত ন্যায়ালয়ে পৰিষদখনৰ কাৰ্য্যকাল ছমাহলৈ বৃদ্ধি কৰিছিল যদিও সেই কাৰ্য্যকালৰো ইতিমধ্যে অন্ত পৰিছে। ফলত অহা ৩০ জানুৱাৰিৰ ভিতৰত নিৰ্বাচন পাতিবলৈ ন্যায়ালয়ে নিৰ্দেশ দি থৈছে। একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰো কাৰ্য্যাকাল অন্ত পৰিব হৈছে।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd