HDFC বেংকৰ উপহাৰ; বিনামূলীয়াকৈ পাব ৫০ লিটাৰ পেট্ৰ’ল-ডিজেল!

hdfc final

বিনামূলীয়া সামগ্ৰী লাভ কৰিব বুলি ক’লে প্ৰত্যেকৰে মাজত এক আনন্দৰ লহৰ উঠে। যদি এই বিনামূলীয়া সামগ্ৰী পেট্ৰ’ল জাতীয় পদাৰ্থ হয় তেন্তে দুগুনে বৃদ্ধি পাই আনন্দ।

ঠিক তেনেকুৱা লক্ষ্য আগত ৰাখি HDFC বেংকে গ্ৰাহক সকললৈ আগবঢ়াইছে এক বিশেষ সুবিধা।

এইচ ডি এফ চি বেংকে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ সৈতে মিলি এখন নতুন ক্ৰেডিট কাৰ্ড মুকলি কৰিছে। এই কাৰ্ডখনৰ আছে কেইবাটাও বিশেষত্ব।

এইচ ডি এফ চি বেংক আৰু ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে নন মেট্ৰ’ আৰু কস্মো পলিটান চহৰৰ গ্ৰাহকসকলৰ বাবেহে এই কাৰ্ডখন মুকলি কৰিছে। কাৰ্ডখনৰ নাম ৰাখিছে ‘ইণ্ডিয়ান অইল HDFC বেংক ক্ৰেডিট কাৰ্ড’।

এই কাৰ্ডখনৰ জৰিয়তে গ্ৰাহকসকলে যদি পেট্ৰ’লজাতীয় পদাৰ্থ কিনে তেন্তে বিভিন্ন সুবিধাৰ লগতে পুৰস্কৃত হোৱাৰো সম্ভাৱনা আছে।

৫০০ টকা ধাৰ্য কৰা হৈছে কাৰ্ডখনৰ মূল্য

এই কাৰ্ডখন ৰুপে আৰু ভিছা দুয়োটা প্লেটফৰ্মতে উপলব্ধ হ’ব। ক্ৰেডিট কাৰ্ডখনৰ বছৰেকিয়া মূল্য ৫০০ টকা। যদিহে কাৰ্ডখনৰ জৰিয়তে বছৰটোত ৫০হাজাৰ টকা খৰচ কৰা হয় তেন্তে বছৰেকিয়া ফিছটো ৰেহাই পাব।

কাৰ্ডখনৰ বৈশিষ্ট্য

ইণ্ডিয়ান অইল HDFC বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ২৭ হাজাৰৰো অধিক আই অ’ চি এল আউটলেটছত Fuel Points’ নামৰ পুৰস্কাৰ পাব পাৰে। ইয়াৰ উপৰি অন্য খৰচ যেনে গ্ৰোছাৰি, বিল পেমেণ্ট, শ্ব’পিং আদিতো ফুৱেল পইণ্ট লাভ কৰিব পাৰিব। এই পইণ্টসমূহৰ জৰিয়তে আপুনি বছৰি ৫০ লিটাৰলৈকে ইন্ধন বিনামূলীয়াকৈ লাভ কৰিব পাৰে।

এই কাৰ্ডখনৰ বাবে www.hdfcbank.com ত গৈ নাইবা ওচৰৰে শাখা সমূহত গৈ আবেদন কৰিব পাৰিব।