বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত এজন নিহত

IMG-20181011-WA0011

আজি অক্টোবৰৰ সন্ধিয়া প্ৰায় ৫-১৫ মান বজাত বিশ্বনাথ চাৰিআলিৰ সাকোমঠা চাহ বাগিচাৰ সমীপত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে পাচ জন লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন ছফিকুল ইছলাম বুলি ছাৰ্টৰ জেপত থকা কাগজৰ পৰা জানিব পৰা গৈছে |

জানিব পৰা মতে  AS 07AC 2331 নম্বৰৰ হিয়া জিদান নামৰ আল্ট্ৰা বাছখনৰ লগত মুখামুখি সংঘৰ্ষ লাগে AS01CC 4728 নম্বৰৰ ট্ৰাকখনৰ।

এই ঘটনাত যাত্ৰীবাহী বাছখনৰ হেণ্ডিমেন সহ মুঠ সাতজন   ৭ জন  ব্যক্তিসকল ক্ৰমে সদান্দ বৰদলৈ, দেৱজিৎ বৰা, নিজাম আলম,অমিয় বৰা, ছয়নিকা গায়ন , কিৰণ ছাহ ,ভাৰতী ৰাজবংশী গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততাতয়াকৈ বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও হেন্দিমেন ছফিকুল ইছলামৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হোৱা তিনিজন ব্যক্তিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।